NORTHEAST NOW (Assamese)
অসম

আমেৰিকাত বিধ্বংসী টৰ্নেডোৰ তাণ্ডৱ! কমেও ৩৪ জনৰ মৃত্যু, কিছুমান অঞ্চলত ধ্বংসস্তূপৰ পাহাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2025 8:52 am

সমগ্ৰ আমেৰিকাত ধাৰাবাহিকভাৱে সংঘটিত হোৱা বিধ্বংসী টৰ্নেডোত এতিয়ালৈকে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই ধুমুহাই দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক ক্ষতিসাধন কৰিছে বুলি আন্তৰ্জাতিক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে।

মিজৌৰী, আৰ্কানচাছ, টেক্সাছ আৰু ওকলাহোমা আদি অঞ্চলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে মিজৌৰীত সৰ্বাধিক মৃত্যু হৈছে, তাত কমেও ১২ জন লোকৰ মৃত্যু হৈছে। শুকুৰবাৰে কেনছাছত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত আৰু ৮ জন লোকৰ মৃত্যু হয়। একে সময়তে ৫০ খনতকৈও অধিক বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এই প্ৰাণহানিৰ ঘটনা ঘটে।

মিজৌৰীৰ বাটলাৰ কাউন্টিৰ কৰ’নাৰ জিম একাৰছে এই ভয়ংকৰ দৃশ্যটোৰ বৰ্ণনা কৰি কয় যে ‘’ঠাইখন চিনাক্ত কৰাৰ উপায় নাছিল। কেৱল ধ্বংসাৱশেষ আছিল। মজিয়াখনো ওলোটা হৈ পৰিছিল, আমি দেৱালৰ ওপৰেৰে খোজ কাঢ়িছিলো।” ইপিনে বতৰ আৰু বেয়া হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

ইতিমধ্যে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰ্কানচাছ আৰু জৰ্জিয়াৰ গৱৰ্ণৰসকলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে। আৰ্কানচাছৰ গৱৰ্ণৰ চাৰা হাকাবিয়ে ভুক্তভোগীক সহায়ৰ বাবে ২ লাখ ৫০ হাজাৰ ডলাৰ আবণ্টন দিছে।

ওকলাহোমাৰ গৱৰ্ণৰ কেভিন ষ্টিটে কয় যে ৰাজ্যখনত ধুমুহা আৰু অগ্নিকাণ্ডৰ ফলত ৬৮৯ বৰ্গ কিলোমিটাৰ জ্বলি গৈছে। ইয়াৰ উপৰিও কমেও ৩০০ ঘৰ ধ্বংস বা ক্ষতিগ্ৰস্ত হৈছে। ধুমুহা বতাহৰ ফলত জুই বিয়পি পৰাত বাসিন্দাসকলক বিভিন্ন অঞ্চলৰ পৰা আঁতৰাই নিয়াৰ নিৰ্দেশ দিয়া হৈছে।