NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা! দীঘলীপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱতীৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2025 8:56 am

হোলীৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰীত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

দীঘলীপুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। পানীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ নিথৰ দেহ।

মৃত যুৱতীগৰাকীৰ ঘৰ মহানগৰী সাতগাঁৱত। কালি পুৱাৰে পৰা নিৰুদ্দিষ্ট হৈ আছিল যুৱতীগৰাকী।

যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। জানিব পৰা অনুসৰি যুৱতীগৰাকীৰ বয়স ২৫ বছৰ।