NORTHEAST NOW (Assamese)
অসম

ডিমা হাচাওত বলিছে বিজেপিৰ পচোৱা : বিজেপিত যোগদান ৪৫ গৰাকী অগপ নেতাৰ

Posted by: এন ই নাও নিউজ March 11, 2019 5:13 pm
BJP-Dima-Hasao-702x336

ডিমা হাচাওত শাসকীয় ভাৰতীয় জনতা দলে (বিজেপি) উত্থানৰ উমান পাইছে। দেওবাৰে অসম গণ পৰিষদৰ ৪৫ গৰাকী নেতাই দলটোত যোগদান কৰে। যোগদান কৰা অগপ নেতাসকলৰ মাজত স্বায়ত্ত পৰিষদৰ মনোনীত সদস্য মধুৰাম যোশী আৰু শ্যামল কান্তি দেবো আছে।

দেওবাৰে এক অনুষ্ঠানত ডিমা হাচাওৰ বিজেপি সভাপতি নিপোলাল হোজাই আৰু আন জ্যেষ্ঠ নেতাৰ উপস্থিতিত অগপৰ নেতাসকলে গেৰুৱা দলটোত যোগদান কৰে। লোকসভা নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত এই যোগদান বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

উল্লেখযোগ্য যে যোৱা ৭ মাৰ্চত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লোচাৰ উপস্থিতিত এক অনুষ্ঠানত অগপৰ ১৫ গৰাকী নেতাই যোগদান কৰিছিল।

জানিব পৰা মতে, নাগৰিকত্ব সংশোধনী বিধেয়ককলৈ অগপৰ কেন্দ্ৰীয় নেতাসকলৰ ভূমিকাত ডিমা হাচাওৰ নেতা-কৰ্মীসকল হতাশ হৈ পৰিছে। শেহতীয়াকৈ অগপই বিজেপিৰ সৈতে নিৰ্বাচনী বুজাবুজিৰ বাতৰিয়ে তৃণমূল পৰ্যায়ৰ নেতাসকলৰ মাজত অসন্তুষ্টি বৃদ্ধি কৰিছে।

আনহাতে, শেহতীয়াভাৱে দ্বাদশ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিজেপিয়ে ২৪খন আসন লাভ কৰাৰ বিপৰীতে অগপ আৰু কংগ্ৰেছে দুখনকৈহে আসনত জয় লাভ কৰিবলৈ সক্ষম হয়।

পাৰ্বত্য জিলাখনত বিজেপিৰ শেহতীয়া উত্থানে কংগ্ৰেছৰ লগতে অগপৰ বাবেও সংকটৰ সৃষ্টি কৰিছে। পূৰ্বতে মজবুত ভেটি থকা অগপৰ দুৰ্গত বিজেপিয়ে প্ৰৱেশ কৰি লাহে লাহে দলটোক উৎখাত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।