NORTHEAST NOW (Assamese)
অসম

দুখনকৈ বিশ্বকাপত অংশ ল’বলৈ সাজু অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰ

Posted by: এন ই নাও নিউজ March 12, 2019 8:58 am
Dipa Karmakar File Photo

আজাৰবাইজানৰ বাকু আৰু কাটাৰৰ ডোহাত অনুষ্ঠিত হ’ব লগা আসন্ন বিশ্বকাপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈ উঠিছে দেশৰ তাৰকা তথা অলিম্পিয়ান জিমনাষ্ট দীপা কৰ্মকাৰ।

প্ৰতিযোগিতা দুখন সম্পৰ্কত জিমনাষ্টগৰাকীয়ে কয় যে সকলো প্ৰতিযোগিতাই কঠিন, কিন্তু তেওঁ চাপ অনুভৱ নকৰে। এক সাক্ষাৎকাৰত খেলুৱৈগৰাকীয়ে কয়, ‘অনুশীলন ভালেই চলি আছে। আগৰতলাতে মই গোটেই সময় অনুশীলন চলাইছিলো। প্ৰতিযোগিতাত মই মোৰ শ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰাৰ প্ৰয়াস কৰিম’।

দীপাৰ মতে অলিম্পিকেই হওঁক বা আন কোনো চেম্পিয়নশ্বিপেই হওঁক প্ৰতিখন প্ৰতিযোগিতাই তেওঁৰ বাবে একে বুলি মন্তব্য কৰি কয়, ‘সকলো প্ৰতিযোগিতাই কঠিন। খেলুৱৈৰ প্ৰদৰ্শনৰ  হয়তো ভাল হ’ব পাৰে বা বেয়া হ’ব পাৰে। উদাহৰণস্বৰূপে— এছিয়ান গেইমছত মই ভাল প্ৰদৰ্শন কৰা নাছিলো।

উল্লেখ্য যে, আঘাতৰ বাবে দীৰ্ঘদিন ধৰি খেলৰ পৰা আঁতৰি থকা দীপাই ২০১৮ বৰ্ষৰ জুলাই মাহত প্ৰত্যাৱৰ্তন কৰিয়েই তুৰস্কৰ মাৰছিনত অনুষ্ঠিত হোৱা আৰ্টিষ্টিক জিমনাষ্টিকছৰ বিশ্ব চেলেঞ্জ কাপত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

উল্লেখণীয় যে দীপা হ’ল অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ একমাত্ৰ মহিলা জিমনাষ্ট। দীপাই ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাগ লৈ চতুৰ্থ স্থান লাভ কৰিছিল। দীপাক তেওঁৰ বিৰল ক্ৰীড়া প্ৰতিভা আৰু সফলতাৰ বাবে পদ্মশ্ৰী, ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে।