NORTHEAST NOW (Assamese)
অসম

মঙলদৈত বাইক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত এজনৰ মৃত্যু

Posted by: ময়ূখ গোস্বামী March 13, 2019 10:44 am
Road accident

মঙলদৈত মঙলবাৰে নিশা সংঘটিত হোৱা এটা শোকাৱহ পথ দুৰ্ঘটনাত শৰৎ ডেকা নামৰ এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজন মঙলদৈৰ গাখীৰখোৱা ৰাজা হাউলীৰ স্থানীয় বাসিন্দা আছিল।

স্থানীয় সংবাদদাতাৰ পৰা লাভ কৰা তথ্য অনুসৰি মঙলদৈ আৰক্ষী চকীৰ অন্তৰ্গত ১ নং বেজবৰুৱাপাৰাৰ পি এম কে গড়কপ্তানী পথত মঙলবাৰে নিশা পথ দুৰ্ঘটনাটো সংঘটিত হয়। বিপৰীত দিশৰ পাৰ আহি থকা তীব্ৰবেগী পালছাৰ বাইক আৰু স্কুটিৰ মাজত সংঘটিত হোৱা দুৰ্ঘটনাটোত বাইক আৰোহী দুজন আৰু স্কুটিত অহা লোকজন গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

মঙলদৈ যান-বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গকুল দাসে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি ঘটনা স্থলীত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কুলদীপ বৰ্মন, বিশ্বৰাম ডেকা আৰু শৰৎ ডেকা নামৰ লোক তিনিজনক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত ততাতয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে শৰৎ ডেকাক মৃত ঘোষণা কৰে।

আনহাতে, আন দুজন আৰোহীক সংকটজনক অৱস্থাত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ উত্তেজনা বিৰাজ কৰে। স্থানীয় ৰাইজে  উদণ্ড বাইক চালক সকলৰ বিৰুদ্ধে প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।