NORTHEAST NOW (Assamese)
অসম

বিশ্ব বৃক্ক দিৱস উপলক্ষে গুৱাহাটী মেডিকেল কলেজৰ সজাগতা ৰেলী

Posted by: এন ই নাও নিউজ March 14, 2019 2:16 pm

আজি ১৪ মাৰ্চ, বিশ্ব বৃক্ক দিৱস। এই উপলক্ষে আজি পুৱা গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকসকলে মেডিকেল কলেজ চৌহদৰ পৰা এক সজাগতা ৰেলী বাহিৰ কৰে।

সাম্প্ৰতিক সময়ত ইদিনৰ পিছত সিদিন বৃদ্ধি পোৱা বৃক্ক ৰোগৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰত সজাগতাৰ উদ্দেশ্যে গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসক সকলে আজি বিশ্ব দিৱসৰ দিনা এই সজাগতা ৰেলী বাহিৰ কৰে।  লগতে আজিৰ বিশ্ব বৃক্ক সজাগতা ৰেলীতে চিকিৎসক সকলে চিকিৎসকৰ পৰামৰ্শ অবিহনে বৃক্ক ৰোগৰ ঔষধ গ্ৰহন নকৰিবলৈ সাধাৰণ ৰাইজলৈ আহ্বান জনায়।

বেছি পৰিমাণে যিকোনো বেমাৰৰ ঔষধ যধেমধে গ্ৰহণ কৰাটো বৃক্ক ৰোগ হোৱাৰ আন এটা কাৰণ বুলি আজিৰ সজাগতা ৰেলী বাহিৰ কৰা চিকিৎসক সকলে উল্লেখ কৰে।