NORTHEAST NOW (Assamese)
অসম

এটাও গুলী নুফুটা ছাৰ্জিকেল ষ্ট্ৰাইক-৩; সংবাদ মাধ্যমৰ বাতৰিক ভিত্তিহীন আখ্যা

Posted by: এন ই নাও নিউজ March 16, 2019 12:09 am
surgical strike related pic

সংবাদ মাধ্যমে ছাৰ্জিকেল ষ্ট্ৰাইক-৩ বুলি দাবী কৰা এটা অপাৰেইশ্যনৰ অস্তিত্বকে নস্যাত কৰিছে খোদ ভাৰতীয় সেনা আৰু মিজোৰাম আৰক্ষীৰ চোৰাংচোৱা সূত্ৰই। নাম প্ৰকাশত অনিচ্ছুক সূত্ৰকেইটাই কয় যে একাংশ ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে ম্যান মাৰৰ আৰাকান সশস্ত্ৰ বিদ্ৰোহীৰ বিৰুদ্ধে কোনো অভিযান চলা নাই।

উল্লেখযোগ্য যে ১৫ মাৰ্চত একাংশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বুলি বাতৰি পৰিৱেশন কৰা হয় যে ভাৰতীয় সেনা আৰু আৰু ম্যানমাৰৰ সেনাই একে সময়তে দেশখনৰ আৰাকান বিদ্ৰোহী গোটৰ বিৰুদ্ধে অভিযান চলায়। আছাম ট্ৰিবিউনৰ এটা বাতৰিত ফেব্ৰুৱাৰি ১৭-অৰ পৰা ২ মাৰ্চলৈকে এই অভিযানটো চলোৱা হৈছিল বুলি দাবী কৰা হৈছিল।

আছাম ট্ৰিবিউনৰ উপৰি ইণ্ডিয়া টুডেইত এই অভিযানৰ বাতৰি দি কোৱা হৈছে যে ভাৰত আৰু ম্যানমাৰৰ সেনাই আৰাকান বিদ্ৰোহীৰ বিৰুদ্ধে এটা বৃহত অপাৰেইশন্য চলাইছিল ফেব্ৰুৱাৰি ১৭-অৰ পৰা ২ মাৰ্চৰ ভিতৰত। ম্যানমাৰ ভিত্তিক এই বিদ্ৰোহী গোটটোৱে দুয়োখন দেশ জড়িত কলাদন ট্ৰেনজিট এণ্ড ট্ৰেন্সপ’ৰ্ট প্ৰকল্প (Kaladan transit and transport project)লৈ ভাবুকি আনিছিল বুলিও কোৱা হৈছে।

কিন্তু নৰ্থ-ইষ্ট নাওৰ তৰফৰ পৰা চলোৱা অনুসন্ধানত এইটো স্পষ্ট হৈছে যে ভাৰতীয় সেনা আৰু ম্যানমাৰ সেনাই তেনেকুৱা কোনো অভিযান অঞ্চলটোত চলোৱা হোৱা নাছিল। সীমাৰ দুয়োটা পাৰেই সম্পূৰ্ণ শান্তিময় পৰিৱেশ বিৰাজ কৰি আছে।

স্থানীয় লোকে জানিবলৈ দিয়ে যে তেওঁলোকে উক্ত অঞ্চলত এটা গুলীৰ শব্দও শুনা পোৱা নাছিল।

‘এইটো এটা চলাই দিয়া গুজৱ মাথো। আৰাকান উপত্যকাত বাস কৰা বেছিখিনি লোকেই মিজো সম্প্ৰদায়ৰ আৰু তেওঁলোক সীমাৰ দুয়োটা পাৰে আহ-যাহ কৰি থাকে। সেনাৰ অভিযানৰ দৰে কিবা ঘটা হ’লে তেওঁলোকে জানিলে হেঁতেন’, ভাৰত-ম্যানমাৰ সীমাত বাস কৰা এজন স্থানীয় ব্যৱসায়ীয়ে কয়।

‘ভাৰত-ম্যানমাৰ সীমান্তক সুৰক্ষা দিয়া আছাম ৰাইফলছক কোনো তেনেকুৱা সঞ্চালনত দেখা নাই। আমি তেওঁলোকক নিয়মীয়াকৈ ভলিবল খেলি থকা দেখিছো।’ আছাম ৰাইফলছৰ কেম্পৰ ওচৰতে থকা আন কেইজনমান স্থানীয় লোকে কয়। তেওঁলোকে দুজন মান জোৱানক ৰচদ-পাতি সংগ্ৰহৰ বাবে যোৱাহে দেখা পোৱা বুলি কয়।

“যদি এটাও গুলী নুফুটাকৈ কিবা অভিযান হৈছে, তেন্তে আমি নাজানো”, শেহতীয়া কেইদিন মানৰ ভিতৰত কোনো গুলীয়াগুলীৰ ঘটনাৰ সত্যতা অস্বীকাৰ কৰি স্থানীয় লোককেইজনে কয়।

মন কৰিব লগীয়া যে ভাৰতীয় সংবাদ মাধ্যমক ছাৰ্জিকেল ষ্ট্ৰাইকৰ ভূতে বাৰুকৈয়ে লম্ভা দেখা গৈছে যোৱা দুই-তিনিটা বছৰত। ভাৰতীয় সেনাৰ সূত্ৰৰ কোনো ভিত্তি নথকা এই বাতৰিবোৰত প্ৰচুৰ অতিৰঞ্জনৰ সমল থকা দেখা যায়। চাঞ্চল্য সৃষ্টিৰ এনে কু-প্ৰৱণতাৰ বাবে ইতিমধ্যে বদনামী হৈছে ভাৰতীয় মিডিয়া।