NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ : অসমৰ ৮টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 21, 2019 7:57 pm
BJP-750x375

বহু জল্পনা-কল্পনাৰ অন্ত পেলাই তথা কেইবালানি বৈঠকৰ অন্তত আজি সন্ধিয়া ৮ টা সমষ্টিত প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। আজি সন্ধিয়া ৭-৩০ বজাত বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ সচিব জগত প্ৰকাশ নাড্ডাই প্ৰথমখন প্ৰাৰ্থী  ঘোষণা কৰে।

তাৎপৰ্য্যপূৰ্ণভাৱে দলটোৰ বৰ্তমানৰ ৭জন সাংসদৰ মাত্ৰ ২জনহে এই তালিকাত স্থান পাবলৈ সক্ষম হৈছে। তেওঁলোক হৈছে ক্ৰমে লখিমপুৰ সমষ্টিৰ প্ৰদান বৰুৱা আৰু ডিব্ৰুগড় সমষ্টিৰ ৰামেশ্বৰ তেলী।

তদুপৰি, ৫গৰাকী সাংসদ ক্ৰমে যোৰহাট সমষ্টিৰ কামাখ্যা প্ৰসাদ তাছা, মঙলদৈৰ ৰমেন ডেকা, গুৱাহাটীৰ বিজয়া চক্ৰবৰ্তী, তেজপুৰৰ ৰামপ্ৰসাদ শৰ্মা আৰু নগাৱঁৰ ৰাজেন গোহাঁই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছে।

ইয়াৰ বিপৰীতে পূৰ্বতে সাংসদ হিচাপে কেতিয়াও প্ৰতিদ্বন্দ্বিতা নকৰা নতুন মুখ দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী তালিকাত।

হাই প্ৰফাইল গুৱাহাটী সমষ্টিত টিকট পাইছে গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন মেয়ৰ তথা অগপৰ পৰা ২০১৪ চনত বিজেপিত যোগদান কৰা কুইন ওজাই।

এই পৰ্য্যন্ত প্ৰাৰ্থিত্ব নিশ্চিত হোৱা প্ৰাৰ্থীকেইজন-

১। গুৱাহাটী : কুইন ওজা (নতুন মুখ)

২। মঙলদৈ : দিলীপ শইকীয়া (ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক, নতুন মুখ)

৩। লখিমপুৰ : প্ৰদান বৰুৱা (বৰ্তমানৰ সাংসদ)

৪। ডিব্ৰুগড় : ৰামেশ্বৰ তেলী (বৰ্তমানৰ সাংসদ)

৫। যোৰহাট : তপন গগৈ (বৰ্তমান ৰাজ্য চৰকাৰৰ মন্ত্ৰী)

৬। শিলচৰ : ড0 ৰাজদীপ ৰয় বেংগলী (নতুন মুখ)

৭। কৰিমগঞ্জ : কৃপানাথ মাল্লা (বিধানসভাৰ উপাধ্যক্ষ তথা ৰাতাবাৰীৰ বিজেপি বিধায়ক)

৮। স্বায়ত্ত শাসিত জিলা : হৰেন সিং বে’

উল্লেখযোগ্য যে, তেজপুৰ আৰু নগাঁওত এতিয়াও প্ৰাৰ্থী চূড়ান্ত কৰা নাই দলটোৱে। আনহাতে,কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টি মিত্ৰদল অগপক বিজেপিয়ে এৰি দিয়াৰ লগতে কোকৰাঝাৰ সমষ্টিটো এৰি দিছে বিপিএফক।