NORTHEAST NOW (Assamese)
অসম

ডিজিটাইজড হ’ব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কামকাজ

Posted by: অনির্বান পাঠক Updated by: অনির্বান পাঠক March 16, 2019 3:15 pm
6fcbb973-5846-499c-9057-6519bfa8b31c

গুৱাহাটীৰ বামুনীমৈদামস্থিত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত শনিবাৰে সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোঁহাঞিয়ে অনুষ্ঠিত এক সংবাদমেল যোগে জনায় যে সংসদৰ কামকাজ ডিজিটেলাইজড কৰাৰ ব্যৱস্থা গ্ৰহম কৰা হৈছে।

তেওঁ কয়, “১৯৮৪ চনত সংসদ আৰম্ভ হোৱাৰে পৰা ছাত্ৰ-ছাত্ৰীসকলৰ তথ্যসমুহ অনলাইনযোগে উপলব্ধ কৰিব পৰা হ’ব। দেশ-বিদেশত থকা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰা উত্তীৰ্ণ হৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলে কাৰ্যালয়লৈ নহাকৈয়ে সহজেই প্ৰয়োজনত নিজৰ তথ্য বিচাৰি উলিয়াব পাৰিব।”

তেওঁ এবছৰৰ ভিতৰত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিব বুলিও সংবাদমেলত সদৰী কৰে। তেওঁ লগতে পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ আৰু প্ৰথম বৰ্ষৰ নামভৰ্তিৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে হোৱা বুলি জানিব দিয়ে।

আনহাতে, কাঠ-ফুলাৰ দৰে গঢ় লোৱা অবৈধ কনিষ্ঠ মহাবিদ্যালয় তথা শিক্ষা প্ৰতিষ্ঠান সমুহৰ বিৰুদ্ধে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কঠোৰ হোৱাৰ বিষয়েও তেওঁ সংবাদমেলত অৱগত কৰি তেনে প্ৰতিষ্ঠান সমুহৰ প্ৰতি তীক্ষ্ণ নজৰ ৰখা বুলি জানিব দিয়ে।

ইপিনে,পৰীক্ষাত অনুষ্ঠিত কৰাত যাতে বেমেজালিৰ সৃষ্টি নহয় তাৰ বাবেও পদক্ষেপ লোৱা বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।

“সেয়ে দীৰ্ঘ সময়ৰ পাছত এইবাৰ কোনো খেলিমেলি নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত হৈছে”,-এইদৰে দাবী কৰে অধ্যক্ষ বৰগোঁহাঞিয়ে।

তদুপৰি, এইবাৰ সকলোতকৈ সুচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত কৰা কেন্দ্ৰ, পৰীক্ষাৰ স্থান আৰু মণ্ডলক ৫০ হাজাৰকৈ টকাৰে পুৰস্কৃত কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।

পৰীক্ষাৰ ফলাফল যোৱাবাৰতকৈ ১০ দিনমানৰ আগতেই প্ৰকাশ পাব বুলিও সংসদৰ অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে।