NORTHEAST NOW (Assamese)
অসম

‘বিজেপিয়ে এৰা’ তিনিটা সমষ্টিত অগপৰ কোনে পাব টিকট?

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 16, 2019 11:20 pm
Moni Madhab Mahanta_Zabed

বিজেপিৰে পুনৰ মিত্ৰতাৰ পাছত বিজেপিয়ে এৰা তিনিটা সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়া হ’ব সেই লৈ জল্পনা-কল্পনা চলিছে আঞ্চলিক দলটোৰ মজিয়াত।

আসন বুজাবুজিৰ আনুষ্ঠানিকতা কৰিবলৈ ইতিমধ্যে নতুন দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰলৈ যোৱা অগপৰ সভাপতি অতুল বৰা, কেশৱ মহন্ত আৰু দলটোৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা এতিয়ালৈকে নতুন দিল্লীতে আছে। অতুল বৰাই আজি সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ ভাগত পৰা সমষ্টিকেইটাৰ কথা আনুষ্ঠানিক ঘোষণা কৰে। তেওঁলোকে লাভ কৰা কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী সমষ্টিৰ বাবে দলে অতি কম সময়ৰ ভিতৰতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলিও জনায় সভাপতিজনে।

ইতিমধ্যে কলিয়াবৰৰ লগতে অগপই পূৰ্বতে মাত্ৰ এবাৰহে জিকিবলৈ সক্ষম হোৱা বৰপেটা আৰু কেতিয়াও সফলতাৰ মুখ নেদেখা ধুবুৰী সমষ্টিত এইবাৰ জিকাৰ সপোন লৈ অৱতীৰ্ণ হোৱাৰ কথা সভাপতি অতুল বৰাই প্ৰকাশ কৰিছে।

কলিয়াবৰ সমষ্টিত মন্ত্ৰী কেশৱ মহন্তৰ ভায়েক সদৌ অসম ছাত্ৰ সন্থাৰ সদ্য পদত্যাগী উপসভাপতি মণিমাধৱ মহন্তক টিকট দিয়াৰ কথা ইতিমধ্যে চৰ্চা হৈছে দলত। মূলতঃ মণিমাধৱক দলৰ প্ৰাৰ্থী কৰাৰ অংক লৈয়ে বিজেপিৰে মিত্ৰতা কৰাৰ সপক্ষত স্থিতি লৈছিল কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই। মণিমাধৱ মহন্তই এই পৰ্যন্ত অগপত যোগদান কৰা নাই যদিও দুই এদিনতে সেইটো কৰা নিশ্চিত।

অৱশ্যে, এটা বিশেষ সূত্ৰৰ পৰা জানিব পৰামতে মণিমাধৱ মহন্তৰ প্ৰাৰ্থিত্বত হেঙাৰ হৈছে আৰ এছ এছ। আৰ এছ এছৰ মতে মণিমাধৱৰ অভিজ্ঞতা নাই, গতিকে এজন অভিজ্ঞ ব্যক্তিক সমষ্টিটোৰ প্ৰাৰ্থিত্ব দিব লাগে। অৱশ্যে কেশৱ মহন্ত কলিয়াবৰৰ প্ৰাৰ্থী হোৱাত আৰ এছ এছৰ আপত্তি নাই বুলি জানিব পৰা গৈছে।

যিহেতু অগপই বিজেপিয়ে এৰি দিয়া সমষ্টিতহে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব সেয়ে জাতীয়তাবাদী দলটোৰ সিদ্ধান্ত গ্ৰহণত এতিয়া আৰ এছ এছে বিচৰা-নিবিচৰাটোও গুৰুত্বপূৰ্ণ হৈ পৰিছে।

ইপিনে, বৰপেটা সমষ্টিত অগপৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস আৰু প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ নাম চৰ্চাত আছে। অৱশ্যে পূৰ্বতে সাংসদ হিচাপে সৰৱ ভূমিকা পালন কৰা কুমাৰ দীপক দাসেই দলৰ টিকট লাভ কৰাৰ সম্ভাৱনাই বেছি।

ধুবুৰী সমষ্টিত প্ৰাক্তন বিধায়ক জাবেদ ইছলামে অগপৰ প্ৰাৰ্থিত্ব পোৱাটো প্ৰায় নিশ্চিত। কাৰণ সমষ্টিটোত অগপৰ শক্তিশালী স্থিতি নথকাৰ বাবে তাত আন কোনো প্ৰাৰ্থীয়ে টিকটৰ দৌৰত থকা পৰিলক্ষিত হোৱা নাই।

অহা দুদিনৰ ভিতৰত দলটোৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সকলো কথা স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।