NORTHEAST NOW (Assamese)
অসম

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক বিপুল আদৰণি দলীয় সমৰ্থকৰ

Posted by: ৰাজীৱ দত্ত March 17, 2019 8:06 pm
Sushanta Bargohain

যোৰহাট লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰা সুশান্ত বৰগোঁহাইয়ে আজি প্ৰথমবাৰৰ বাবে শিৱসাগৰ আৰু যোৰহাট জিলাৰ সংযোগস্থল জাঁজীত উপস্থিত হোৱাত বিভিন্ন দল-সংগঠনৰ লগতে কেইবা শতাধিক দলীয় সমর্থকে প্ৰাৰ্থীগৰাকীক বিপুল আদৰণি জনায়।

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে শিৱসাগৰ জিলাত প্ৰৱেশ কৰিয়েই সমষ্টিটোত এইবাৰ যুঁজ আৰ্কষণীয় হ’ব বুলি মন্তব্য কৰে। লগতে সমষ্টিটোত বিজেপিয়ে তপন গগৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিব বুলি বিভিন্ন মহলত চৰ্চা হৈ থকাৰ প্ৰসংগত বৰগোহাঁইয়ে কয় যে তপন গগৈৰ অস্তিত্ব ছাত্ৰ সন্থাত থাকোতেহে আছিল এতিয়া অগপ-বিজেপি সমৰ্থিত প্ৰাৰ্থীজনৰ অস্তিত্ব ইয়াত নাই।

ইয়াৰ উপৰি তেওঁ এইবাৰৰ লোকসভা নিৰ্বাচনত জাতিধ্বংসী নাগৰিকত্ব বিধেয়কে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব বুলিও সাংবাদিকৰ আগত মত প্ৰকাশ কৰে।