NORTHEAST NOW (Assamese)
অসম

‘মধ্যাহ্ন ভোজন’ এন জি অ’ক সঁপাৰ ‘সিদ্ধান্ত’ চৰকাৰৰ, শিৱসাগৰত প্ৰতিবাদ থলুৱা মহিলাৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 18, 2019 8:48 pm
Assam workers protest against Govt decision of transferring Mid-day meal duty to NGO

অসমৰ ৰাজহুৱা বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ দায়িত্বৰ পৰা থলুৱা মহিলাক গুচাই অহা ১ এপ্ৰিলৰ পৰা বেচৰকাৰী সংস্থাক সঁপিবলৈ চৰকাৰে লোৱা “সিদ্ধান্ত”ৰ বিৰুদ্ধে শিৱসাগৰত ধাৰাৱাহিক প্ৰতিবাদত বহিছে কৰ্মীসকল।

যোৱা ১৬ মাৰ্চৰ পৰা মঙলবাৰলৈকে শিৱসাগৰৰ জিলা শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটত বহা কৰ্মীসকলে এই “হঠকাৰী সিদ্ধান্ত” প্ৰত্যাহাৰৰ বাবে বিজেপি চৰকাৰক দাবী জনাইছে।

“আমি মাত্ৰ ৩৩ টকা দিন হাজিৰাত স্কুলত ৰান্ধনীৰ কাম কৰি পৰিয়াল পোহপাল দি আছো। চৰকাৰে এই সিদ্ধান্ত বাতিল কৰক,” নৰ্থ ইষ্ট নাও-ত মন্তব্য কামৰ নিৰাপত্তাহীনতাত ভোগা এগৰাকী কৰ্মীৰ।

চৰকাৰে ১ এপ্ৰিলৰ পৰা বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব ঘনশ্যাম সেৱা সমিতি নামৰ এটা বহিৰাগত স্বেচ্ছাসেৱী অনুষ্ঠানৰ হাতত অৰ্পণ কৰিব বিচাৰিছে, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী ইউনিয়নৰ অভিযোগ।

কৰ্মীসকলে দাবী কৰা মতে বিদ্যালয়ৰ পৰা ২৫ কিলোমিটাৰ ব্যাসাৰ্ধ্বৰ ভিতৰত থাকিবলগা ৰন্ধনশালৰ পৰা মধ্যাহ্ন ভোজন বিতৰণ কৰিব এন জি অ’টোৱে।

সংগঠনটোৰ শিৱসাগৰ আৰু চৰাইদেউ জিলা সমিতিৰ অন্তৰ্গত কেইবাশও কৰ্মীয়ে চাৰিদিনীয়া ধৰ্মঘটটোত অংশগ্ৰহণ কৰে।