NORTHEAST NOW (Assamese)
অসম

দৰমহা নাইপোৱা : দৌলোৎসৱৰ আনন্দৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰক আহ্বান বৰপেটা জিলাৰ কৰ্মচাৰীৰ

Posted by: এন ই নাও নিউজ March 20, 2019 10:29 am
Feature-Holi

ৰঙৰ উৎসৱ ফাকুৱাক কেন্দ্ৰ কৰি সত্ৰনগৰী বৰপেটাত ইতিমধ্যে উৎসৱ মুখৰ পৰিৱেশ আৰম্ভ হৈছে। বৰপেটাৰ প্ৰাণ হিচাপে বিবেচিত দৌল মহোৎসৱৰ অন্যতম আকৰ্ষণ হোলীগীতেৰে এতিয়া মুখৰিত হৈছে সত্ৰনগৰী বৰপেটাৰ আকাশ-বতাহ।

কিন্তু জিলাখনৰ অধিকাংশ শ্ৰমিক-কৰ্মচাৰী, শিক্ষক-বিষয়াৰ ফেব্ৰুৱাৰি মাহৰ দৰমহা নোহোৱাত সেই পৰিয়ালসমূহ এতিয়া দৌল উৎসৱৰ আনন্দ-উল্লাসৰ পৰা বঞ্চিত হ’ব বুলি উদ্বেগ প্ৰকাশ কৰিছে বৰপেটা জিলা কৰ্মচাৰী পৰিষদে।

মঙলবাৰে কৰ্মচাৰী পৰিষদৰ সভাপতি অপূৰ্ব শৰ্মা আৰু সাধাৰণ সম্পাদক উৎপল দাসৰ নেতৃত্বত যোৱা এটা সঁজাতী দলে বৰপেটা কোষাগাৰ প্ৰাধিকাৰীক সাক্ষাৎ কৰি এই উদ্বেগ প্ৰকাশ কৰে।

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে বিভিন্ন বিষয়া নিয়োজিত হৈ থকা তথা কিছু কাৰিকৰী অসুবিধাৰ বাবে নিৰ্ধাৰিত সময়ত দৰমহাৰ বিলসমূহ পাছ কৰিব পৰা নাই বুলি কোষাগাৰ প্ৰাধিকাৰীয়ে সঁজাতী দলটোক জানিবলৈ দিয়ে।

ইফালে নিৰ্বাচনী দায়িত্বৰ পৰা বৰপেটা কোষাগাৰ প্ৰাধিকাৰীক সাময়িকভাৱে হ’লেও সকাহ দি জিলাখনৰ কৰ্মচাৰীসকলৰ ফেব্ৰুৱাৰি মাহৰ দৰমহাৰ বিল পাছ কৰিবলৈ কৰ্মচাৰী পৰিষদে উপায়ুক্তক অনুৰোধ জনাইছে।