NORTHEAST NOW (Assamese)
অসম

বন্ধন বেংকৰ কৰ্মচাৰীৰৰ পৰা ডকাইতে লুটি নিলে ১ লাখ ৪০ হাজাৰ টকা

Posted by: এন ই নাও নিউজ January 17, 2018 12:28 pm

কালি বন্ধন বেংকৰ এজন কৰ্মচাৰীয়ে গাৱঁৰ মহিলা আত্মসহায়ক গোটৰ পৰা সাপ্তাহিক কিস্তিৰ ধন সংগ্ৰহ কৰি লৈ মটৰচাইকেলেৰে আহি থাকোতেই ৰাস্তাতে তিনিজনীয়া এটা ডকাইতৰ দলে ভাবুকি দি কৰ্মচাৰীজনৰ পৰা সমুদায় টকা কাঢ়ি লৈ যায়। কৰ্মচাৰীজনৰ হাতত মুঠ ১ লাখ ৪০ হাজাৰ টকা আছিল।

উল্লেখযোগ্য যে আজিৰ পৰা কিছুদিন আগতেও তালাপ আৰক্ষী চকীৰ অন্তৰ্গত ডাইচাত একেদৰেই বন্ধন বেংকৰ কৰ্মচাৰীয়ে মহিলা গোটৰ পৰা সংগ্ৰহ কৰি অনা প্ৰায় ২ লাখ টকা ডকাইতৰ দলে ভাবুকি দেখুৱাই কাঢ়ি নিছিল। বাৰে বাৰে একেটা অঞ্চলতে বন্ধন বেংকৰ সংগৃহীত টকা ডকাইতে কাঢ়ি নিয়াৰ ঘটনাই অঞ্চলটোৰ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

কালিৰ ঘটনা সন্দৰ্ভত বন্ধন বেংকৰ কৰ্মীজনে তালাপ আৰক্ষী চকীত এজাহাৰ দিছে যদিও আৰক্ষীয়ে এতিয়ালৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। আৰক্ষীয়ে কয় যে তেওঁলোকে ডকাইতিৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰি আছে.