NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰা সন্দৰ্ভত কি ক’লে অমিত শ্বাহে?

Posted by: এন ই নাও নিউজ March 22, 2019 8:07 am
shah_20160409_402_602

উত্তৰ-পূৰ্বাঞ্চলত বিজেপিৰ মুখ্য সংকটমোচক হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ কাৰণ হৈছে অঞ্চলটোত তেওঁৰ ওপৰত আৰোপ কৰা দায়িত্ব। বৃহস্পতিবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰথমখন তালিকা ঘোষণা কৰাৰ পাছতে টুইটাৰত এইদৰে মন্তব্য কৰিছে।

হিন্দীতে কৰা টুইটটোত অমিত শ্বাহে লিখিছে : ‘’নেডাৰ (উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা) অধ্যক্ষৰ দায়িত্বৰ কথা তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশৰ কথালৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় নেতৃত্বই তেওঁক বতৰ্মানৰ দায়িত্বত দৃষ্টি ৰাখি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত দলটোক শক্তিশালী কৰি তোলাত বৰঙণি যোগাবলৈ আহ্বান জনাইছে।‘’

তেওঁ লগতে কয় : ‘’ মই আশা কৰো যে অসম বিজেপি তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে দলৰ এই সিদ্ধান্ত গ্ৰহণ কৰিব। মই নিশ্চিত যে এই সিদ্ধান্তই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক বিকাশৰ দিশলৈ লৈ যাব।‘’

ড০ হিমন্ত বিশ্ব শৰ্মা বৰ্তমান অসমৰ বিত্ত, গড়কপ্তানিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী হোৱাৰ উপৰি ২০১৬ চনত গঠন কৰা উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চা (নেডা)ৰো তেওঁ মুৰব্বী।

অৱশ্যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে কয় যে লোকসভা নিৰ্বাচনত শৰ্মাৰ প্ৰাৰ্থিত্বক অসমৰ দলীয় নিৰ্বাচনী সমিতি তথা কৰ্মীয়ে সৰ্বসন্মতিক্ৰমে অনুমোদন জনাইছিল।

উল্লেখযোগ্য যে তেজপুৰ সমষ্টিত শৰ্মাৰ প্ৰাৰ্থিত্ব নিশ্চিত বুলি সৰ্বত্ৰে প্ৰচাৰিত হোৱাৰ পাছত বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। সমষ্টিটোৰ বৰ্তমানৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাই নিজৰ অসন্তুষ্টি ৰাজহুৱাভাৱে ব্যক্ত কৰি আনকি দলৰ প্ৰাথমিক সদস্যৰ পৰা পদত্যাগো কৰে।

ইয়াৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাষ্ট্ৰীয় সভাপতিয়ে বিষয়টোত হস্তক্ষেপ কৰি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থিত্ব বাতিল কৰাৰ লগতে তেওঁক নেডাৰ দায়িত্বত মনোনিৱেশ কৰাৰ পৰামৰ্শ দিয়ে।