NORTHEAST NOW (Assamese)
অসম

‘আমাৰ কন্যা প্ৰধানমন্ত্ৰী হ’ব’, কামাখ্যা মন্দিৰত প্ৰিয়ংকা গান্ধীক আশীৰ্বাদ দিলে সাধুৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2026 9:13 pm

আমাৰ কন্যা প্ৰধানমন্ত্ৰী হ’ব, কামাখ্যা মন্দিৰত এগৰাকী সাধুৱে এনেদৰেই আশীৰ্বাদ দিলে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই ভিডিঅ’। আগন্তুক অসম বিধানসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতি পৰীক্ষা কৰিবলৈ অসমলৈ আহিছে কংগ্ৰেছ সাংসদগৰাকী।

দুদিন অসমত থাকিব প্ৰিয়ংকা। সেইবাবেই বৃহস্পতিবাৰে পুৱাই গুৱাহাটী পায়হি প্ৰিয়ংকা। ৱায়ানাদৰ সাংসদগৰাকী পোনে পোনে কামাখ্যা মন্দিৰলৈ গৈ প্ৰাৰ্থনা কৰে।

মন্দিৰ পৰিদৰ্শন কৰি থকাৰ সময়তে ৱায়ানাদৰ সাংসদগৰাকীয়ে এগৰাকী নগা সাধুৰ সৈতে কথা পাতি আছিল। সাধুগৰাকীয়ে কংগ্ৰেছ নেত্ৰীগৰাকীক এখন ফটো তুলিবলৈ অনুৰোধ জনায়। তাৰ পাছত প্ৰিয়ংকাৰ মূৰটো চুই ক’লে, “আমাৰ কন্যা প্ৰধানমন্ত্ৰী হ’ব।” সেই এটা ভিডিঅ’ এতিয়া ভাইৰেল হৈছে। কথাবোৰ শুনি প্ৰিয়ংকাইও মিচিকিয়াই হাঁহি এটা মাৰে।

কামাখ্যা মন্দিৰৰ পৰা ওলাই অহাৰ পাছত পোনে পোনে গুৱাহাটীৰ ৰাজীৱ ভৱনলৈ যায় কংগ্ৰেছ নেতাগৰাকী। তাত কেইবাখনো সভা অনুষ্ঠিত কৰে। ইয়াত অসমৰ ব্লক, জিলা আৰু প্ৰদেশ কংগ্ৰেছ কমিটীৰ সদস্যসকল উপস্থিত থাকে।

সূত্ৰ অনুসৰি এই বৈঠকত ৰাজ্যৰ নিৰ্বাচনৰ প্ৰাৰ্থীৰ বিষয়ে আলোচনা হ’ব পাৰে। কংগ্ৰেছৰ সূত্ৰ অনুসৰি অহা কেইমাহমানৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে আৰু কেইবাবাৰো অসমলৈ আহিব। নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজনৈতিক পৰিস্থিতিৰ পৰ্যালোচনা কৰিব।