NORTHEAST NOW (Assamese)
অসম

পুলৱামাৰ ঘটনাক মোগলৰ আক্ৰমণৰ সৈতে ৰিজালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

Posted by: এন ই নাও নিউজ February 18, 2019 12:53 pm

১৪ ফেব্ৰুৱাৰিত কাশ্মীৰৰ পুলৱামাত হোৱা আত্মঘাতী বোমাৰুৰ আক্ৰমণৰ ঘটনাক মোগলৰ আক্ৰমণৰ সৈতে ৰিজালে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ১৭ ফেব্ৰুৱাৰিত লখিমপুৰত ভাৰতীয় জনতা যুৱ মৰ্চাৰ এখন সভাত ভাষণ দি মুখ্য মন্ত্ৰীজনে এই ৰিজনি দাঙি ধৰে। সভাখনত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহো উপস্থিত আছিল।

‘‘আমি আজিও মোগলৰ আক্ৰমণৰ বিৰুদ্ধে যুঁজ দি থাকিব লগীয়া হৈছে। মোগলৰ আক্ৰমণ শেষ হোৱা নাই। কাশ্মীৰৰ ঘটনা তাৰ প্ৰমাণ’’, মুখ্য মন্ত্ৰীজনে কয়।

‘‘আমি লাচিত বৰফুকন আৰু তেওঁৰ সেনাপতি বাঘ হাজৰিকাৰ দৰে মোগলৰ বিৰুদ্ধে যুঁজ দি যাব লাগিব’’, শৰাইঘাটৰ যুদ্ধৰ উদাহৰণ দাঙি ধৰি সোণোৱালে কয়।

কাশ্মীৰৰ ঘটনাক ভাৰতৰ ওপৰত ইছলামিক সন্ত্ৰাসবাদৰ আক্ৰমণ বুলিও কৈ মুখ্য মন্ত্ৰীয়ে কয়, ‘‘আমাৰ বীৰ জোৱানসকল চহিদ হ’ল, তেওঁলোকৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদিলো।’’

উল্লেখযোগ্য যে কাশ্মীৰৰ আত্মঘাতী বোমা আক্ৰমণটোত ৪০জনকৈ চি আৰ পি এফ জোৱান নিহত হয়। এওঁলোকৰ মাজত অসমৰো এজন জোৱান মনেশ্বৰ বসুমতাৰীও আছে।