NORTHEAST NOW (Assamese)
অসম

বৃহৎ নদী বান্ধৰ বিৰোধিতা অগপৰ; দলে যিকোনো সময়তে ল’ব পাৰে যিকোনো সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 29, 2019 12:22 pm
AGP NHPC

অসম গণ পৰিষদৰ সভপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই বুধবাৰে ২০০০ মেগাৱাট ক্ষমতাযুক্ত নামনি সোৱণশিৰি বৃহৎ নদী বান্ধৰ বিৰোধিতা কৰে।

‘‘অগপই ৰাজ্যত ক্ষুদ্ৰ নদী বান্ধ নিৰ্মাণৰ বিৰোধী নহয় কিন্তু বৃহৎ বান্ধৰ বিৰুদ্ধে দলে যিকনো সময়তে যিকোনো সিদ্ধান্ত লবলৈ সাজু’’-ধেমাজিত এনেদৰে কয় অতুল বৰাই

লগতে পঢ়ক : পূৰ্ণগতিলৈ সোৱণশিৰি নদীবান্ধ, চুক্তিবদ্ধ এন এইচ পি চি-অসম চৰকাৰ

সোৱণশিৰি প্ৰকল্প ৰূপায়নৰ বাবে এন এইচ পি চি আৰু চৰকাৰৰ মাজত স্বাক্ষৰিত চুক্তিৰ প্ৰসংগত কোনোধৰণৰ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে অগপ সভাপতিগৰাকী।

উল্লেখযোগ্য যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ প্ৰাৰম্ভিক পৰ্যালোচনাৰ বাবে কেন্দ্ৰই গঠন কৰি দিয়া ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বিশেষজ্ঞ সমিতিৰ সেউজ সংকেতৰ পাছতে অসম চৰকাৰে ২৩ আগষ্টত এন এইচ পি চিৰ সৈতে ২০০০ মেগাৱাট ক্ষমতাযুক্ত নামনি সোৱণশিৰি নদীবান্ধ ৰূপায়ন সন্দৰ্ভত এখন খচৰা চুক্তিত স্বাক্ষৰ কৰে।

এন এইচ পি চিৰ সৈতে চৰকাৰৰ চুক্তিৰ পাছতে অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে ইয়াৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে।

লগতে পঢ়ক : বৃহৎ নদীবান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয়; বিৰোধিতা কৰি যাব আছুৱে : সমুজ্জল ভট্টাচাৰ্য

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই বৃহৎ নদী বান্ধ নিৰ্মাণ কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু আছুৱে সদায় ইয়াৰ বিৰোধিতা কৰি যাৱ বুলি মন্তব্য কৰে।