• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

পূৰ্ণগতিলৈ সোৱণশিৰি নদীবান্ধ, চুক্তিবদ্ধ এন এইচ পি চি-অসম চৰকাৰ

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
August 23, 2019 7:04 pm
Lower Subansiri Hydro-electric project: Govt of Assam, NHPC sign MoA

শুকুৰবাৰে অসম চৰকাৰ আৰু এন এইচ পি চিৰ মাজত চুক্তি সম্পাদনৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অতি সোনকালে পূৰ্ণগতিত আৰম্ভ হ’ব অসমৰ বৃহৎ নদীবান্ধবিৰোধী প্ৰতিবাদে স্তব্ধ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ।

২০০০ মেগাৱট ক্ষমতাসম্পন্ন বান্ধটো ৰূপায়ণৰ বাবে শুকুৰবাৰে গুৱাহাটীত “সন্মতিৰ চুক্তি” (Memorandum of Agreement)ত আবদ্ধ হৈছে নিৰ্মাণকাৰী ৰাজহুৱা সংস্থা এন এইচ পি চি আৰু অসম চৰকাৰ।

Apply Now

“২০০০ মে.ৱ. নামনি সোৱণশিৰি হাইড্ৰ’-ইলেক্ত্ৰিক প্ৰকল্প ৰূপায়ণৰ বাবে অসম চৰকাৰ আৰু নেচনেল হাইড্ৰ’-ইলেক্ত্ৰিক পাৱাৰ কৰ্পৰে’চন লিমিটেডৰ মাজত আজি এখন সন্মতিৰ চুক্তি স্বাক্ষৰিত হৈছে,” এন এইচ পি চিৰ বিবৃতিত প্ৰকাশ।

বাৰিষা শেষ হ’লেই বান্ধটোৰ নিৰ্মাণ কৰিবলৈ সাজু বুলি নিৰ্মাণ সংস্থাটোৱে প্ৰকাশ কৰিছে।

চুক্তিখনত অসম চৰকাৰৰ হৈ প্ৰধান সচিব (শক্তি) নীৰজ বাৰ্মা আৰু এন এইচ পি চিৰ পৰিচালন সঞ্চালক বলৰাজ যোশীয়ে স্বাক্ষৰ কৰিছে।

২০১১ চনৰ পৰা নিৰ্মাণ বন্ধ হৈ থকা বান্ধটোৰ কাম আৰম্ভ কৰিবলৈ যোৱা ১৩ জুনত ভাৰত চৰকাৰে এন এইচ পি চিক নিৰ্দেশ দিছিল।

“নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যিমান সোনকালে পাৰি উৎপাদন কৰিব লাগে। এইটো উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিলে উত্তৰ-পূবৰ বাকী বৃহৎ বান্ধসমূহ নিৰ্মাণৰ দুৱাৰ মুকলি হ’ব,” পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়ে দিয়া পত্ৰৰ উদ্ধৃতি।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণেও বান্ধটোৰ নিৰ্মাণত সেউজ সংকেত প্ৰদান কৰিছিল।

বান্ধটো সন্দৰ্ভত গঠিত বিশেষজ্ঞ সমিতিক লৈ আপত্তি দৰ্শাই প্ৰাক্তন আছু নেতা তথা অগপ নেতা তুলাৰাম গগৈ আৰু এ পি ডব্লিউৰ অভিজিত শৰ্মাই দাখিল কৰা আবেদন ন্যায়াধিকৰণে খাৰিজ কৰিছিল।

এতিয়া এন এইচ পি চিয়ে কৈছে যে, বহুকেইখন সমিতিৰ পৰামৰ্শ অনুসৰি “সকলো কাৰিকৰী সংশয়ৰ উপশম ঘটোৱা হৈছে আৰু আইনী বাধা আঁতৰ হৈছে”।

বৃহৎ নদীবান্ধবিৰোধীসকলৰ আশংকাৰ বিপৰীতে এন এইচ পি চিয়ে “বান” আৰু “গৰাখহনীয়া” ৰোধৰ বাবে সোৱণশিৰিৰ নামনিত “সুৰক্ষামূলক কাম” হাতত লোৱা বুলি সদৰী কৰিছে।

বান্ধটোৰ নিৰ্মাণে অঞ্চলটোলৈ সামগ্ৰিক উন্নয়ন আনিব আৰু সামগ্ৰিক অৰ্থনীতিলৈ এক উদ্যম কঢ়িয়াই আনিব, বিবৃতিটোত প্ৰকাশ।

এই এইচ পি চিৰ প্ৰবোধৰ বিপৰীতে অসমৰ বান্ধবিৰোধী দল-সংগঠনসমূহে এতিয়াও নদীবান্ধটো নিৰ্মাণৰ বিৰুদ্ধে অৱস্থান লৈ আহিছে।

আনহাতে, ন্যায়াধিকৰণৰ ৰায়ত অসন্তুষ্ট দুই আবেদনকাৰীয়েও ইতিমধ্যে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে।

ফাৰহানা আহমেদ

ফাৰহানা আহমেদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd