• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

উচ্চতম ন্যায়ালয়লৈ সোৱণশিৰি বৃহৎ নদীবান্ধ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2019 10:36 pm
Tularam Gogoi Subansiri dam: Activist to move SC against NGT green signal

তুলাৰাম গগৈ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণক প্ৰত্যাহ্বান জনাই ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে অগপ নেতা তুলাৰাম গগৈয়ে।

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে প্ৰকল্পটোত সন্দৰ্ভত শেহতীয়াকৈ দিয়া ৰায়ত “হতাশ”, গোচৰ্টোৰ আবেদনকাৰী গগৈয়ে মঙলবাৰে নৰ্থ-ইষ্ট নাওক এই কথা জনাইছে।

Apply Now

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা গগৈয়ে বৃহৎ নদীবান্ধবিৰোধী আন্দোলনটোৰ আৰম্ভণিৰে পৰা নেতৃত্ব দি আহিছে।

গগৈয়ে উচ্চতম ন্যায়ালয়ৰ প্ৰতি “বিশ্বাস” থকা বুলি উল্লেখ কৰিছে, কিন্তু ন্যায়িক প্ৰক্ৰিয়াটো সন্দৰ্ভতো কিছু মন্তব্য আগবঢ়াইছে।

সেউজ ন্যায়াধিকৰণত বিষয়টোৰ শুনানি প্ৰক্ৰিয়াত, গগৈৰ মতে, তেওঁ “সন্তুষ্ট” আছিল; কিন্তু ৩০ জুলাইৰ চূড়ান্ত ৰায়দানে তেওঁক হতাশ কৰিছে।

“২৫ জুলাইত সেউজ ন্যায়াধিকৰণৰ তিনিগৰাকী বিচাৰক আৰু এজন বিশেষজ্ঞ বহিছিল। বিচাৰকসকলে এনএইচপিচি আৰু কেন্দ্ৰীয় চৰকাৰক ধমকি দিছিল যে তেওঁলোকো ভাৰতীয় নাগৰিক আৰু উত্তৰ-পূবো ভাৰতৰ অংগ। তেওঁলোকৰ এপ্ৰিহেন্সন থকালৈকে আপোনালোকক আগবাঢ়িব দিব নোৱাৰো। তেওঁলোকৰ ওপৰত বলপূৰ্বক সিদ্ধান্ত জাপি দিব নোৱাৰিব, এইদৰে বিচাৰককেইগৰাকীয়ে কৈছিল। কিন্তু কি বিজুতিত ৩০ জুলাইত সেউজ ন্যায়াধিকৰণৰ ৰায়টো সম্পূৰ্ণ ওলোটা আহিল?” গগৈৰ মন্তব্য।

গগৈয়ে লগতে কয় যে কেন্দ্ৰীয় চৰকাৰে আগতীয়াকৈ কেচটো এনেধৰণৰ হ’ব বুলি জানিছিল আৰু সেয়ে গোচৰটো চলি থকাৰ সময়তে ১৩ জুনতে এনএইচপিচিক আগবাঢ়ি যাবলৈ নিৰ্দেশ দিছিল।

এই প্ৰসংগত তেওঁ ভাৰত চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে এনএইচপিছিক দিয়া চিঠিৰ ১৫নং দফাৰ উদ্ধৃতি দাঙি ধৰে। “নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যিমান সোনকালে পাৰি উৎপাদন কৰিব লাগে। এইটো উৎপাদনৰ কাম আৰম্ভ কৰিব পাৰিলে উত্তৰ-পূবৰ বাকী বৃহৎ বান্ধসমূহ নিৰ্মাণ কৰাৰ দৰ্জাখন মুকলি হৈ যাব।”

বান্ধটো সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ-গঠিত আই ডি গুপ্তা, প্ৰভাস পাণ্ডে আৰু পি এম স্কটৰ বিশেষজ্ঞ সমিতি “নিৰপেক্ষ” নহয় বুলি গগৈয়ে পুনৰ দোহাৰে।

তেওঁ কয়, “নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ আৰম্ভণিৰে পৰা তেওঁলোক বিভিন্ন শিতানত জৰিত হৈ আছে। গতিকে তেওঁলোক নিৰপেক্ষ নহয়। তেওঁলোক চৰকাৰৰ সৈতে একাত্ম হৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ লগতে উত্তৰ-পূবৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে কুচ-কাৱাজ কৰি থকা লোক।”

অসমৰ ৰাইজে বৃহৎ নদীবান্ধবিৰোধী আন্দোলন “স্থগিত কৰা নাই” বুলি মত প্ৰকাশ কৰি গগৈয়ে কয় ৰাইজ “থমকি যাব নালাগে”।

একেটা বিষয়ৰ আন এজন আবেদনকাৰী অসম পাব্লিক ৱৰ্কছৰ অভিজিত শৰ্মায়ো ইতিমধ্যে সেউজ ন্যায়াধিকৰণৰ ৰায়ত অসন্তুষ্টি প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়লৈ যোৱাৰ কথা উল্লেখ কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd