• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰে মিত্ৰতা ভংগৰ ‘সিদ্ধান্ত প্ৰত্যাহাৰ’ কৰিব পাৰে অগপই, সভাপতি অতুল বৰাৰ ইংগিত

মিত্ৰতা ভংগৰ পাঁচ দিনৰ পিছতে অগপ নেতৃত্বৰ স্থিতি শিথিল কৰাৰ ইংগিত

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 5:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাঁচ দিন পূৰ্বে বিজেপিৰ সৈতে প্ৰায় আঢ়ৈ বছৰীয়া মিত্ৰতা ছেদ কৰা অসম গণ পৰিষদ দলটোৰ নেতৃত্বই বিজেপিৰ বাবে পুনৰ মিত্ৰতাৰ দুৱাৰ খোলাৰ ইংগিত দিছে। এই কথা আজি সংবাদ মাধ্যমৰ আগত জনালে দলটোৰ স্বয়ং সভাপতি আৰু কাৰ্য্যকৰী সভাপতিয়ে।

দলটোৱে যোৱা ৭ জানুৱাৰিত নাগৰিকত্ব সংশোধনী বিধেয়কত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱাৰ পিছতে নতুন দিল্লীত মিত্ৰতা ছেদৰ কথা ঘোষণা কৰিছিল। মিত্ৰতা ছেদ কৰাৰ বাবে উৎফুল্ল তৃণমূল কৰ্মী আৰু অসমৰ বিধেয়ক বিৰোধী জনগণে বিপুলভাৱে আদৰণি জনাইছিল দলটোৰ নেতৃত্বক।

Apply Now

কিন্তু উজনি অসম ভ্ৰমণত থকা দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই আজি গোলাঘাটত দলৰ কৰ্মীসকলৰ সৈতে হোৱা মত বিনিময়ৰ পিছত এখন সভাত সংবাদ মাধ্যমৰ আগত এনে ইংগিত দি মন্তব্য কৰিছে।

অৱশ্যে পুনৰ মিত্ৰতাৰ বাবে আঞ্চলিক দলটোৱে পূৰ্বৰ মিত্ৰ দল বিজেপিক দিছে এটা চৰ্ত। নাগৰিকত্ব সংশোধনী বিধেয়কখন যদি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বাতিল কৰে, তেন্তে দলটোৱে মিত্ৰতাৰ কথা পুনৰ ভাবিব পাৰে বুলি ইংগিত দিয়ে সভাপতি আৰু কাৰ্য্যকৰী সভাপতি দুয়োজনে।

বিজেপিয়ে বিধেয়কখন বাতিল কৰিলে মিত্ৰতা পুনৰ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয়, “আজিৰ দিনটোত এইটো ক’ব নোৱাৰিম যে তেওঁলোকে এইটো নকৰিলে আমি কিবা কৰিম।” তাৰ পাছতে তাৎপৰ্য্যপূৰ্ণ ইংগিত দি কয়, “এনে সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে নিশ্চিতভাৱে কথাখিনি ভৱিষ্যতে বিবেচনা হ’ব।”

তেওঁ পুনৰ স্পষ্টকৈ কয়, “আমি তেওঁলোকৰ কাম-কাজ অবজাৰ্ভ কৰি আছো। আমি গোটেই কথাবোৰ পুনৰ বিবেচনা কৰিব লাগিব। দলৰ মজিয়াত আলোচনা কৰিব লাগিব”।

আনহাতে বিধেয়কখন গৃহীত কৰাৰ প্ৰতি বিজেপিৰ দৃঢ়তাৰ কথা উল্লেখ কৰি কয়, “আজিৰ দিনটোত আমি ভাবিব পৰা নাই যে তেওঁলোকে সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিব। পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিত যদি তেওঁলোকে সলনি হয়, তেতিয়া হ’লে আমি ভাবিম। দলৰ মজিয়াত আলোচনা কৰিম”।

“চাওঁ আমি ৱেইট এণ্ড ৱাটছ কৰি থাকিম। আমি অবজাৰ্ভ কৰি থাকিম তেওঁলোকৰ ভৱিষ্যতৰ দিনৰ কামকাজবিলাক।” বৰাই কয়।

সভাপতি বৰাই লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বিৰোধিতাত আন্দোলন আৰু তীব্ৰ কৰাৰ আহ্বান জনায় অসমৰ জনগণক।

“অহা ৩১ জানুৱাৰিত পুনৰ অধিৱেশন অনুষ্ঠিত হ’ব। গতিকে এই বিহু বা অন্যান্য উৎসৱ আদিত যদি আমি ব্যস্ত থাকো তেতিয়া হ’লে কেন্দ্ৰীয় চৰকাৰে এই বিধেয়ক যে পাছ কৰিব তাত সন্দেহ নাই। তেওঁলোকৰ যি দৃষ্টিভংগি, তেওঁলোকৰ যি কথা-বতৰা, তাৰ পৰা এইটো স্পষ্ট হৈছে।” বৰাই কয়।

“আমি অসমৰ ৰাইজক মাৰবান্ধি ওলাই আহিবলৈ আহ্বান জনাইছো। এই বিধেয়কে এটা জাতিলৈ সংকট নমাই আনিব। তেওঁলোকে ভৱিষ্যতে আৰু জাতিধ্বংসী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সাহস কৰিব।” এই বুলি কৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সংগ্ৰামখনক তৃণমূল পৰ্য্যায়লৈকে লৈ যোৱাৰ সিদ্ধান্ত প্ৰকাশ কৰে সভাপতিজনে।

আনহাতে মিত্ৰ দলৰ প্ৰতি যি সন্মান থাকিব লাগিছিল, বিজেপিৰ মাজত সেয়া নাছিল বুলিও কয় অতুল বৰাই। তেওঁ কয়, “আমাৰ হৈ, অসমৰ জনসাধাৰণৰ হৈ বহুকেইটা মিত্ৰ দলে তেওঁলোকক অনুৰোধ কৰিছিল।”

সভাখনত উপস্থিত থকা কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই কয়, “তেওঁলোকে যদি বিলখন প্ৰত্যাহাৰ কৰে, তেতিয়া আৰু সময়ে যদি কয় আমি দলৰ মজিয়াত কথা পাতিম।”

দলটোৰ নেতৃত্বৰ এই লুটি-বাগৰৰ প্ৰতিক্ৰিয়া দলৰ কৰ্মী আৰু বিজেপি-কংগ্ৰেছৰ বিকল্প হিচাপে ভাবিবলৈ আৰম্ভ কৰা অসমৰ জনগণে কি ধৰণে কৰে সেয়া লক্ষণীয় হ’ব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে মিত্ৰতা ভংগৰ আগলৈকে সভাপতি আৰু কাৰ্য্যকৰী সভাপতি দুয়োজনে চৰকাৰত মন্ত্ৰিত্ব লৈ আছিল। লগতে ফণীভূষণ চৌধুৰীও মন্ত্ৰী হৈ আছিল। মিত্ৰতা ভংগৰ পিছত তিনিওজনে মন্ত্ৰিত্ব ত্যাগ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

নেহৰুৰ ৬ দশকৰ অভিলেখ ভংগ! ১০ জুনত দেশৰ আটাইতকৈ দীঘলীয়া কাৰ্যকালৰ প্ৰধানমন্ত্ৰী হ’ব মোদী

June 6, 2026 6:33 pm
ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd