NORTHEAST NOW (Assamese)
অসম

সাংবাদিক আক্ৰমণৰ গৰিহণা, দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী এন য়ু জে আইৰ

Posted by: এন ই নাও নিউজ March 22, 2019 7:24 pm

সাংবাদিক চক্রপাণি পৰাশৰক ছুৰীৰে আক্ৰমণ কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে ‘নেচনেল ইউনিয়ন অব জাৰ্নেলিষ্ট ইণ্ডিয়া’ (এন ইউ জে আই) আৰু ‘জাৰ্নেলিষ্ট এছ’চিয়েচন অব আছাম’ (জা)য়ে।

এক প্ৰেছ বিবৃতিৰ জৰিয়তে এন ইউ জে আইৰ ৰাষ্ট্ৰীয় উপ সভাপতি ভূপেন গোস্বামী, ‘জা’ৰ সভাপতি তথা বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী আৰু সাধাৰণ সম্পাদক ডালিম ফুকনে দুষ্কৃতিকাৰীকেইজনক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে।

প্ৰেছ বিবৃতিত সাংবাদিক আৰু সংবাদকৰ্মীৰ সামগ্ৰিক নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে এখন সুকীয়া সাংবাদিক সুৰক্ষা আইনৰ অতি প্ৰয়োজন বুলি উল্লেখ কৰে। লগতে অসমত সাংবাদিক নিৰ্যাতন, অপদস্থ, মাৰপিট আদিৰ ঘটনা বৃদ্ধি পাই আহিছে যদিও চৰকাৰ তথা প্ৰশাসন নিৰৱ নিৰ্বিকাৰ হৈ থকা পৰিলক্ষিত হোৱা বুলিও কয়।

তাৰোপৰি বিবৃতিটোৰ জৰিয়তে ২৩ মাৰ্চত অৰ্থাৎ কাইলৈ অসমৰ সকলো সংবাদমাধ্যমৰ কৰ্মীক ক’লা বেজ পৰিধান কৰি চক্ৰপাণি পৰাশৰক কৰা আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ জনোৱাৰ বাবে আহ্বান জনাইছে।