NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী : মিলিত হ’ল প্ৰাক্তন ছাত্ৰ-ছাত্ৰী

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ June 2, 2019 6:40 am
FB_IMG_1559401324707

ঐতিহাসিক শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত অৱস্থিত শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ে সোণালী জয়ন্তী অতিক্ৰম কৰিলে। ২০১৮ বৰ্ষৰ ৩০ জুন আৰু ১ জুলাইৰ পৰা বৰ্ষজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছিল শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান।

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সহযোগত অনুষ্ঠিত হোৱা বৰ্ষজোৰা সোণালী জয়ন্তী অনুষ্ঠানত বিভিন্ন ধৰণৰ সামাজিক, সাংস্কৃতিক তথা শিক্ষা সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

মহাবিদ্যালয়ৰ বৰ্ষজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানটো অহা ৩০ জুন আৰু ১ জুলাই ২০১৯ তাৰিখে অনুষ্ঠিত হ’ব। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি শনিবাৰে মহাবিদ্যালয়ৰ চৌহদত প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। সভাৰ সভাপতিত্ব কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি অনুৰাগ শৰ্মাই।

সভাত মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কত বিশদ আলোচনা কৰা হয়। উক্ত সভাত মহাবিদ্যালয় খনৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্তই সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানৰ কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে।

সভাত ৰাতুল কাকতি, ৰাজীৱ ফুকন, নন্দকিশোৰ চাহু, অনিল গুপ্তা, উমেশ খাণ্ডেলীয়া, নৰেন চুতীয়া, দিপ্তি বৰা বৰুৱা, মৃদুল গগৈ, নয়নমণি দত্তকে ধৰি বহুকেইজন প্ৰাক্তন ছাত্ৰ উপস্থিত থাকি অনুষ্ঠানৰ সম্পৰ্কত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ায়।

আনহাতে, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰ জ্যোতি মহন্ত, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীৰ সভাপতি অনুৰাগ শৰ্মা আৰু সাধাৰণ সম্পাদক মানসপ্ৰতিম গগৈয়ে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত থকা সকলো প্ৰাক্তন ছাত্ৰ ছাত্ৰীক মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

তদুপৰি, যদি কোনো প্ৰাক্তন ছাত্ৰ বা ছাত্ৰীয়ে অনুষ্ঠানৰ সম্পৰ্কত কিবা তথ্য বা দিহা পৰামৰ্শ দিব বিচাৰে তাৰ বাবে প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সন্মিলনীৰ সভাপতি/ সম্পাদকক 9854010798 আৰু 9954246036 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে।