NORTHEAST NOW (Assamese)
অসম

উত্তৰ-পূৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰক শীৰ্ষ অগ্ৰাধিকাৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 2, 2019 7:34 am
D7-2eKDUcAACWqz

দেশৰ নতুন গৃহ মন্ত্ৰী হিচাপে নিযুক্ত অমিত শ্বাহে শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতেই তেওঁৰ শীৰ্ষ অগ্ৰাধিকাৰৰ তালিকাত থকা অঞ্চলসমূহৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ থকাৰ ইংগিত দাঙি ধৰিছে।

শ্বাহে ভাৰতৰ নতুন গৃহ মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা সভাত অংশ লয়।

উক্ত পৰ্যালোচনা সভাত গৃহ সচিব ৰাজীৱ গৌবা, চোৰাংচোৱা সংস্থাৰ সঞ্চালক প্ৰধান ৰাজীৱ জৈন, ভাৰতৰ মহাপঞ্জীয়ক শৈলেশকে ধৰি আন শীৰ্ষ বিষয়াসকল উপস্থিত আছিল।

যদিওৱা মন্ত্ৰালয়ৰ কামকাজৰ বিষয়ে মন্ত্ৰীগৰাকীক অৱগত কৰাৰ বাবে ইয়াক  এখন সাধাৰণ বৈঠক বুলি কোৱা হৈছিল, গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে যে শ্বাহে উত্তৰ-পূৰ্বাঞ্চল আৰু জম্মু-কাশ্মীৰৰ প্ৰসংগত বিশেষ গুৰুত্ব আৰোপ কৰিছে।

গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্বাহৰ প্ৰথম দিনটোৰ বৈঠকতে এটা কথা স্পষ্ট হৈ পৰিছে যে তেওঁৰ মন্ত্ৰালয়ে আভ্যন্তৰীণ সুৰক্ষাৰ বিষয়টোক গুৰুত্বসহকাৰে মোকাবিলা কৰিব।

তাৎপৰ্যপূৰ্ণভাৱে এই কথাই ইয়াৰেই ইংগিত বহন কৰিছে যে সদ্য সমাপ্ত লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানত শ্বাহে মুকলিকৈ কৈছিল যে তেওঁৰ চৰকাৰে জম্মু-কাশ্মীৰত অনুচ্ছেদ ৩৭০ বাতিল কৰা আৰু সংসদত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ বাবে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰিব।

গৃহ মন্ত্ৰী অমিত শ্বাহক শনিবাৰে গৃহ বিভাগৰ ৰাজ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা দুই মন্ত্ৰী জি কিষান ৰেড্ডী আৰু নিত্যানন্দ ৰাইয়েও  সম্বৰ্দ্ধনা জনায়।

‘’দেশৰ সুৰক্ষা আৰু জনসাধাৰণৰ কল্যাণ মোদী চৰকাৰৰ প্ৰাথমিকতা। মোদীৰ নেতৃত্বত, মই এই সকলোবোৰ প্ৰাথমিকতা পূৰণ কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম,’’-দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই শ্বাহে এইদৰে টুইট কৰে।