NORTHEAST NOW (Assamese)
অসম

মঙলদৈত কংগ্ৰেছ প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক দলীয় সমৰ্থকৰ উষ্ম আদৰণি

Posted by: এন ই নাও নিউজ March 23, 2019 11:14 pm

আজি মংগলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী ভূৱনেশ্বৰ কলিতাক সহস্ৰাধিক দলীয় সমৰ্থকে উষ্ম আদৰণি জনায়। শনিবাৰে জিলাখনৰ ওদালগুৰি, মাজবাট, পানেৰী আৰু কলাইগাঁও বিধান সভা সমষ্টিৰ দলীয় কৰ্মীৰে মিলিত হয় কলিতাই ৷

১৫ টা বছৰে বিজেপিৰ দখলত থকা মংগলদৈ লোকসভা সমষ্টি দখল কৰিবলৈ তৎপৰ হৈ পৰা কংগ্ৰেছী প্ৰাৰ্থীগৰাকী সমষ্টিত উপস্থিত হৈয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সৰৱ হৈ পৰে।

কংগ্ৰেছ প্ৰাৰ্থীজনে বিধেয়কখনৰ বিৰুদ্ধে মাত মাতি যাব উল্লেখ কৰাৰ লগতে বিজেপি দলে বিধেয়কখন আনিলে ইয়াক প্ৰতিহত কৰিব বুলি মন্তব্য কৰে। তেওঁ লগতে নাগৰিকত্ব সংশোধনী বিৰোধী গণতান্ত্ৰিক শক্তি একত্ৰিত হোৱা বুলি কোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ বহিপ্ৰকাশ হ’ব বুলিও মন্তব্য কৰে।