NORTHEAST NOW (Assamese)
অসম

‘নতুন বিজেপি’ গঠন কৰিব তেজপুৰৰ টিকট বঞ্চিত সাংসদ আৰ পি শৰ্মাই

Posted by: এন ই নাও নিউজ March 24, 2019 6:58 am
102614776_ramprasadsarmahmp_fb-750x375

আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে তেজপুৰ সমষ্টিত মন্ত্ৰী পল্লৱ লোচন দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে পুনৰ সৰৱ হৈ পৰিছে দলটোৰ সদ্য পদত্যাগী সাংসদ আৰ পি শৰ্মা। সাংসদগৰাকীয়ে আনকি নতুন দল গঠনৰ কথাও ঘোষণা কৰিছে।

দলীয় টিকট লাভৰ পৰা বঞ্চিত তেজপুৰ সমষ্টিৰ বৰ্তমানৰ বিজেপি সাংসদ ৰাম প্ৰসাদ শৰ্মাই শনিবাৰে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সাংবাদিকৰ আগত এটা নতুন দল ‘নতুন বিজেপি’ গঠন কৰাৰ কথা ঘোষণা কৰে।

সাংবাদিকৰ আগত শৰ্মাই কয় যে নতুন দলটো অসম বিজেপিৰ পুৰণি নেতাসকলক লৈ গঠন কৰা হ’ব যিসকল নেতা বিগত পোন্ধৰ-বিশ বছৰ ধৰি অৱহেলিত হৈ আহিছে।

উল্লেখযোগ্য যে সাংসদ আৰ পি শৰ্মাই ৰাজ্যিক বিজেপিয়ে তেওঁৰ নাম পেনেলত অন্তৰ্ভুক্ত নকৰাৰ পাছত সংবাদ মেল পাতি দলৰ প্ৰাথমিক সদস্যৰ পৰা তেওঁৰ পদত্যাগৰ কথা ঘোষণা কৰিছিল। অৱশ্যে, পাছত তেওঁ দলটো এৰি নোযোৱাৰ কথাও ব্যক্ত কৰিছিল।

আনহাতে, সাংসদ আৰ পি শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি অভিযোগ উত্থাপন কৰে যে হিমন্ত দলত যোগদান কৰাৰ পাছৰে পৰা দলৰ কৰ্মীসকলে বিজেপিৰ পুৰণি নেতাসকলক অৱহেলা কৰিবলৈ আৰম্ভ কৰিছিল।

সেয়েহ, তেওঁ দলটোত প্ৰাপ্য সন্মান নোপোৱা পুৰণি বিজেপি নেতাসকলক লৈ এটা নতুন বিজেপি দল গঠন কৰাৰ কথা সদৰী কৰে। তাৎপৰ্যপূৰ্ণভাৱে, সাংসদগৰাকীয়ে কয় যে মি চকীদাৰ নহয় কিন্তু মই ৰাইজৰ সেৱা কৰি যাবলৈ ভাল পাম।

স্বাভাৱিকতে আৰ পি শৰ্মাৰ এই ঘোষণাই বিজেপিক অস্বস্তিত পেলাব। বিশেষকৈ তেজপুৰ সমষ্টিত বিজেপি প্ৰাৰ্থী পল্লৱ লোচন দাসৰ বাবে এতিয়া আৰ পি শৰ্মা এক ডাঙৰ প্ৰত্যাহ্বান হৈ সন্মুখত দেখা দিছে।