NORTHEAST NOW (Assamese)
অসম

টিৰাপ নৈত সলিল সমাধি এজনৰ

Posted by: মানস প্ৰতিম গগৈ March 24, 2019 7:48 pm
Watery grave of one person in Assam's Tirap river

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অসম-অৰুণাচল সীমান্তৰ জাগুনৰ টিৰাপ নৈত দেওবাৰে সলিল সমাধি ঘটিছে দেৱনাথ মানকী নামৰ এজন ব্যক্তিৰ।

জানিব পৰা মতে মৃগীৰোগত আক্ৰান্ত লোকজন দুপৰীয়া টিৰাপ নৈত গা ধুবলৈ যোৱা অৱস্থাতে নৈৰ পানীত বুৰ যায়।

৫০ বছৰীয়া মানকীৰ ঘৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত ৯ মাইল ফুলবাৰীত।

ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে জাগুন আৰক্ষীয়ে।

দেৱনাথৰ মৃত্যুৱে অঞ্চলটো শোকৰ ছাঁ‌ পেলাইছে।