NORTHEAST NOW (Assamese)
অসম

গোলাঘাট কমাৰবন্ধা বামুনগাঁৱত হত্যাকাণ্ড; খৰিৰে মৰিয়াই সুৰাপায়ী স্বামীক হত্যা পত্নীৰ

Posted by: মীনাক্ষী ফুকন Updated by: মীনাক্ষী ফুকন March 17, 2021 2:30 pm
Golaghat

বুধবাৰে পুৱা গোলাঘাটৰ কমাৰবন্ধা বামুনগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড।

নিজ পত্নীয়ে খৰিৰে মৰিয়াই হত্যা কৰিলে স্বামীক। অত্যধিক সুৰাপান কৰি ঘৰুৱা অশান্তিৰ সৃষ্টি কৰি অহা নিতুল বৰা(৪৮)নামৰ লোকজনক পত্নী জোনাকী বৰাই (৪৫) অৱশেষত হত্যা কৰে।

দুটা সন্তানৰ মাতৃ জোনাকী বৰাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দি কয় যে, নিতৌ সুৰাপান কৰি অহা স্বামীয়ে ঘৰত কৰা অশান্তিয়ে চৰম পৰ্যায় পাইছিল।

নিজ কন্যাক লৈও চৰম সংশয়ত ভুগিছিল মাতৃগৰাকী। কন্যাৰ সুৰক্ষাৰ বাবে একপ্ৰকাৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছিল বুলিও অভিযোগ কৰিছে মাতৃগৰাকীয়ে।

পাষাণ পিতৃয়ে পুত্ৰৰ পঢ়া কিতাপ-বহী পৰ্যন্ত জ্বলাই দিয়াত একপ্ৰকাৰ পঢ়া-শুনা এৰিব লগীয়া অৱস্থা হৈছিল একমাত্ৰ পুত্ৰ সন্তানটিৰ।

আৰু অৱশেষত অতীষ্ঠ হৈ পত্নী জোনাকী বৰাই এডাল খৰিৰে স্বামীক মূৰত মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ বাধ্য হ’ল বুলি স্বীকাৰোক্তি দিছে আৰক্ষীৰ আগত।

উল্লেখ্য যে, স্বামীক হত্যা কৰাৰ পাছত জোনাকী বৰাই কমাৰবন্ধা আৰক্ষীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰে।