NORTHEAST NOW (Assamese)
অসম

গুৰুতৰ দুৰ্ঘটনাত পতিত ভাৰতীয় বিমান বাহিনীৰ মিগ-২১ যুদ্ধবিমান; নিহত পাইলট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 17, 2021 2:19 pm
mig-21

ভাৰতীয় বিমান বাহিনীৰ (আই এ এফ) এখন মিগ-২১ যুদ্ধবিমান বুধবাৰে পুৱা মধ্য ভাৰততএক গুৰুতৰ দুৰ্ঘটনাত পতিত হোৱাৰ পাছত বিমানখনৰ পাইলটগৰাকী নিহত হৈছে।

ভাৰতীয় বিমান বাহিনীৰ টুইটাৰত এই কথা নিশ্চিত কৰা হৈছে।

যুদ্ধবিমান খন মধ্য ভাৰতৰ এক বিমানঘাটিৰ পৰা সামৰিক অনুশীলনৰ বাবে উৰণৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হয়।

‘’ভাৰতীয় বিমান বাহিনীৰ এখন মিগ-২১ বিছন যুদ্ধবিমান আজি পুৱা মধ্য ভাৰতৰ এক বিমানঘাটিৰ পৰা  সামৰিক অনুশীলনৰ বাবে উৰণৰ সময়তে এক গুৰুতৰ দুৰ্ঘটনাত পতিত হয়,’’-ভাৰতীয় বিমান বাহিনীয়ে টুইটাৰত এনেদৰে কয়।

‘’মৰ্মান্তিক দুৰ্ঘটনাটোত ভাৰতীয় বিমান বাহিনীয়ে গ্ৰুপ কেপ্টেইন এ গুপ্তাক হেৰুৱাবলগীয়া হয়। আই এ এফে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালৰ কাষত থিয় দিছে। দুৰ্ঘটনাৰ কাৰণ নিশ্চিত কৰিবলৈ এক কোৰ্ট অফ ইনকুৱেৰিপ নিৰ্দেশ দিয়া হৈছে,’’-টুইটত বিমান বাহিনীয়ে কয়।