NORTHEAST NOW (Assamese)
Popular Stories

কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ শৰীৰত দেখা দিছে এনেবোৰ নতুন লক্ষণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 8:50 am
coron_1584032980_618x347

কৰ’না ভাইৰাছৰ সংহাৰ সমগ্ৰ বিশ্বত অব্যাহত আছে যাৰ ভিতৰত ভাৰতো অন্যতম।

দ্ৰুতগতিত সংক্ৰমিত হৈ থকা এই মহামাৰী প্ৰতিৰোধৰ বাবে বৰ্তমানলৈ কোনোধৰণৰ ঔষধ আবিষ্কাৰ হোৱা নাই।

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰিবলৈ মানুহে হাত ধোৱা, মাস্ক পৰিধান কৰাৰ লগতে বিভিন্ন পন্থা অৱলম্বন কৰিছে।

কৰ’না ভাইৰাছৰ লক্ষণ সাধাৰণ চৰ্দি জ্বৰৰ সৈতে প্ৰায় একে।

জ্বৰ হোৱা, গলত চৰচৰণি অনুভৱ কৰা, শুকান কাঁহ, মাংসপেশীৰ বিষ, উশাহ লোৱাত কষ্ট আদি কৰ’না ভাইৰাছৰ লক্ষণ।

কিন্তু সময়ৰ  লগে লগে কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৰোগী সকলৰ শৰীৰত কিছু নতুন লক্ষণে দেখা দিছে। অৰ্থাৎ সময়ৰ সৈতে কৰ’না ভাইৰাছে নিজৰ শক্তি বৃদ্ধি কৰিছে।

জাৰ্মানীৰ বিশেষজ্ঞ সকলে উল্লেখ কৰা নতুন লক্ষণ অনুসৰি কৰ’না সংক্ৰমিত লোকসকলৰ ঘ্ৰাণ আৰু সোৱাদ লোৱাৰ ক্ষমতা দুৰ্বল হৈ পৰে।

এই নতুন লক্ষণ জাৰ্মানীত কৰ’না ভাইৰাছত আক্ৰান্ত ৬৬ শতাংশ ৰোগীৰ শৰীৰত দেখা গৈছে।

ইয়াৰ উপৰি, ডায়েৰিয়াও এটা কৰ’না ভাইৰাছৰ লক্ষণ। এই লক্ষণ কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱা ৩০ শতাংশ লোকৰ শৰীৰত দেখা গৈছে।