NORTHEAST NOW (Assamese)
অসম

২২ মাৰ্চত সমগ্ৰ দেশত ৰে’ল সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত ৰে’ল মন্ত্ৰ্যালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 21, 2020 8:15 am
railways

সমগ্ৰ দেশত কৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই অহাৰ পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ৰাষ্ট্ৰক সম্বোধন কৰি ২২ মাৰ্চ ৰবিবাৰে ৰাতিপুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈ জনতা কাৰ্ফিউৰ আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰী মোদীয়ে এই ভয়াৱহ সময়ত জনসাধাৰণক ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ অনুৰোধ কৰিছে।

প্ৰধান মন্ত্ৰী মোদীৰ জনতা কাৰ্ফিউৰ আহ্বানত সহাৰি জনাই ভাৰতীয় ৰে’লৱেও ২২ মাৰ্চত সমগ্ৰ দেশত ৰে’ল সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰে’ল মন্ত্ৰ্যালয়ে কৰা ঘোষণা কৰা অনুসৰি, ২১/২২ মাৰ্চৰ নিশা ১২ বজাৰ পৰা  ২২ মাৰ্চৰ নিশা ১০ বজালৈ অৰ্থাৎ ২২ ঘণ্টা কোনোধৰণৰ যাত্ৰীবাহী ৰে’ল চলাচল নকৰে সমগ্ৰ ভাৰতবৰ্ষত।

আনহাতে, ৰে’ল মন্ত্ৰ্যালয়ে প্ৰথম দিনাখনে ৭ ঘণ্টাৰ যাত্ৰা সম্পূৰ্ণ কৰা যাত্ৰীবাহী ৰে’ল সমূহক ইয়াৰ পৰা ৰেহাই দি গন্তব্যস্থানলৈ যাত্ৰা সম্পূৰ্ণ কৰাৰ অনুমতি দিছে।

উল্লেখযোগ্য যে, ভাৰত বৰ্ষত কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই ২৫০ ৰো অধিক হৈছে।

এটা সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ভাৰতৰ মুঠ ৩০ কোটি জনসাধাৰণ এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ভিতৰত ১০ কোটি লোকৰ অৱস্থা জটিল হ’ব।