NORTHEAST NOW (Assamese)
অসম

চৰকাৰৰ বিৰুদ্ধে নীৰৱতাৰ ৰহস্য ফাদিল; বিজেপিত যাবলৈ সংগঠন এৰিলে আটাছু নেতাই

Posted by: পাৰ্শ্বজ্যোতি গগৈ March 24, 2019 7:11 pm
Ashwini Chetia

সুদীৰ্ঘ ২২টা বছৰ সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লগত জড়িত থাকি জাতিটোৰ হকে মাত মাতি অহা উজনি অসমৰ এজন নেতা তথা আটাছুৰ মুখ্য উপদেষ্টা অশ্বিনী কুমাৰ চেতিয়াই আজি সংগঠনটোৰ পৰা অব্যাহতি বিচাৰে।

সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিলৈ দায়িত্বৰ পৰা অব্যাহতি বিচাৰি প্ৰেৰণ কৰা পত্ৰত আটাছুৰ মুখ্য উপদেষ্টাজনে “এক নতুন পথৰ যাত্ৰী হ’বলৈ” পদ এৰিবলৈ ওলোৱা বুলি জনায়।

দায়িত্বৰ পৰা অব্যাহতি বিচৰাৰ উপৰি আটাছুৰ সমূহ সতীৰ্থৰ পৰা আৰ্শীবাদ বিচাৰে নেতাজনে। নিজৰ পদত্যাগ পত্ৰত তেওঁ লগতে উল্লেখ কৰিছে যে নতুন পথৰ পাথিক হলেও সংগঠনটোৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা সদায়েই থাকিব।

উল্লেখযোগ্য যে বহুদিনৰ পৰাই আটাছুৰ মুখ্য উপদেষ্টাজনৰ বিজেপি দলত যোগদানৰ কথা ওলাই আছিল।

বিশ্বস্ত সূত্ৰই জনোৱা মতে, চেতিয়াই সোমবাৰে গুৱাহাটীৰ হেঙেৰাবাৰীত ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত  মুখ্য মন্ত্ৰী, বিত্ত মন্ত্রী আৰু ৰাম মাধৱৰ উপস্থিতিত দলটোত যোগদান কৰিব।

সৌ সিদিনালৈকে উজনি অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল আৰু ৬ জনগোষ্ঠীয় জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে চলা আন্দোলনবোৰৰো অশ্বিনী চেতিয়াই নেতৃত্ব দি আহিছিল। এতিয়া সেইগৰাকী নেতাই হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা বিজেপিৰ মাজতে “ৰাজনৈতিক ভৱিষ্যত”ৰ সন্ধান কৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

সৰ্বসাধাৰণ ৰাইজৰ প্ৰশ্ন- ছাত্ৰ সংগঠনৰ নেতাই ৰাজনৈতিক কেৰিয়াৰৰ বাবেই সংগঠন কৰে নেকি? তেওঁলোকৰ কোনো নীতি-আদৰ্শ নাই নেকি?

Resignation Letter Ashini Chetia
অশ্বিনী চেতিয়াৰ পদত্যাগ পত্ৰখন।

মন কৰিব লগীয়া যে ৬জনগোষ্ঠীৰ জনজাতিকৰণৰ নামত বিজেপিৰ চৰকাৰখনে চূড়ান্ত আভুৱা ভাঁৰিলে যদিও যোৱা ২-৩ মাহ ধৰি জনগোষ্ঠীকেইটাৰ আন্দোলনকাৰী নেতৃত্বই ৰহস্যজনক নীৰৱতা অৱলম্বন কৰি আছে। জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি আন্দোলন, অনশন, ধৰ্ণা কৰি পৰিস্থিতি উত্তাল কৰি ৰখা সংগঠনবোৰৰ নেতৃত্বৰ এই নীৰৱতা সকলোৰে চকুত পৰিছে।

শিৱসাগৰ অঞ্চলত এই কথা সকলোৱে স্বীকাৰ কৰে যে অশ্বিনী চেতিয়াৰ সৱল নেতৃত্বত সদৌ তাই আহোম ছাত্ৰ সন্থা এটা প্ৰভাৱশালী ছাত্ৰ সংগঠন হিচাপে মূৰ দাঙি উঠিবলৈ সক্ষম হৈছিল। অসমৰ বহু জ্বলন্ত সমস্যাক লৈ সংগঠনটোৱে মাত মাতি আহিছে। তেনেস্থলত সংগঠনটোৰ মুখ্য উপদেষ্টাজনৰ এই “সংকীৰ্ণ স্বাৰ্থান্বেষণ”ক সহজভাৱে ল’ব পৰা নাই সংগঠনটোৰ শুভাকাংক্ষী আৰু বিজেপিৰ নীতি-আদৰ্শক “জাতিৰ বিপদ” জ্ঞান কৰা সচেতন নাগৰিকসকলে।

প্ৰসংগক্ৰমে, চেতিয়াই ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিৰ পৰা অসম সংগ্ৰামী মঞ্চৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু মাত্ৰ ১০ হাজাৰ ভোট লাভেৰে তৃতীয়ত ৰৈছিল। বিজয়ী কংগ্ৰেছ প্ৰাৰ্থী প্ৰণৱ কুমাৰ গগৈৰ পিছতে দ্বিতীয় স্থান পাইছিল বিজেপিৰ সুৰভি ৰাজকুঁৱৰীয়ে।

সংগঠনটোৰ বাবে মংগলজনক আখ্যা একাংশ আটাছু কৰ্মীৰ

আনহাতে আটাছুৰ একাংশ কৰ্মীয়ে চেতিয়া ওলাই যোৱাটোক “সংগঠনটোৰ বাবে মংগলজনক” বুলি অভিহিত কৰিছে। “সংগঠনৰ ভিতৰত থাকি ৰাজনৈতিক দলৰ হৈ কাম-কাজ কৰি থকা ব্যক্তি সংগঠনৰ পৰা ওলাই যোৱাটোৱেই মংগল”, এজন আটাছু কৰ্মীৰ মন্তব্য।