NORTHEAST NOW (Assamese)
অসম

পুনৰ মিত্ৰতাৰ পাশত আবদ্ধ হ’ব ত্ৰিপুৰাৰ দুই পুৰণা বন্ধু কংগ্ৰেছ-আই এন পি টি

Posted by: পিনাকী দাস Updated by: পিনাকী দাস March 24, 2019 9:36 pm
manikya-pic-

লোকসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই পট পৰিৱৰ্তন হ’বলৈ ধৰিছে উত্তৰ-পূবৰ আন ৰাজ্যৰ লগতে ত্ৰিপুৰাৰ ৰাজনীতি। আসন্ন লোকসভা নিৰ্বাচনত আই পি এফ টিয়ে বিজেপিৰে লগ লাগি নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লোৱাৰ বিপৰীতে এইবাৰ ৰাজ্যখনৰ আন দুটা শক্তিশালী দলৰ মাজত মিত্ৰতা হ’ব বুলি চৰ্চিত হৈছে।

জানিব পৰা মতে আগন্তুক নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ দুই পুৰণি বন্ধু কংগ্ৰেছ আৰু ইণ্ডিজিনিয়াছ নেশ্যনেল পাৰ্টী অব তিপ্ৰাৰ (আই এন পি টি) মাজত পুনৰ এবাৰ মিত্ৰতা গঢ়ি উঠিব বুলি দেওবাৰে দুয়োটা দলেই এক ইংগিত বহন কৰিছে।

এই সম্পৰ্কে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ প্ৰদ্যুৎ কিশোৰ মাণিক্য দেৱৱৰ্মাই জানিবলৈ দি কয় যে কংগ্ৰেছ আৰু আই এন পি টিৰ মাজত অনুষ্ঠিত হোৱা সভাখনতে মিত্ৰতা সন্দৰ্ভত সিদ্ধান্ত লোৱা হয়। নিৰ্বাচনত আই এন পি টিয়ে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে দুয়োখন আসনতেই কংগ্ৰেছ দলক সমৰ্থন আগবঢ়াব বুলি কয়।

ইফালে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছত আই এন পি টিৰ সভাপতি বিজয় কুমাৰ ৰাংখলে যিকোনো সময়তে মিত্ৰতা হৈ যাব বুলি এক ইংগিত বহন কৰে। তেওঁ লগতে অলপতে ৰাজ্যখনলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সৈতে এক বৈঠকত মিলিত হৈছিল আৰু তাৰ পাছতে তেওঁলোকে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰাৰ সিদ্ধান্ত লয় বুলি কয়।

উল্লেখ্য যে ত্ৰিপুৰালৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে এখন ৰাজহুৱা সভাত আই এন পি টিৰ দাবী সমূহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ উপৰি কেন্দ্ৰত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ আহিলে ত্ৰিপুৰাত সদায় উত্থাপন হৈ অহা পৃথক ৰাজ্য গঠনৰ দাবীৰ লগতে জনজাতীয় লোকৰ সকলো সমস্যা সমাধান কৰাৰো প্ৰতিশ্ৰুতি দিছিল ৰাহুল গান্ধীয়ে।