NORTHEAST NOW (Assamese)
অসম

Confession:অৱশেষত আৰক্ষীৰ আগত খুলিলে মুখ—বেলতলাৰ বৃদ্ধা দম্পতীক হত্যা কৰিছিল আকাশেই

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী October 29, 2021 3:16 pm

অৱশেষত বেলতলাৰ বৃদ্ধা দম্পতীক হত্যা কৰাৰ কথা স্বীকাৰ কৰিলে কেয়াৰটেকাৰ আকাশ চৌধুৰীয়ে।

আৰক্ষীৰ মাৰাথান জেৰাৰ অন্তত তিনিদিনৰ পাছত হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ ।

কালি নিশালৈকে আকাশে বেলতলাৰ চন্দননগৰৰ বৃদ্ধ দম্পতীক হত্যা কৰা নাই বুলি উল্লেখ কৰি আহিছিল।

পাৰিবাৰিক সমস্যাৰ বাবেই বৃদ্ধ দম্পতী ক্ৰমে ননীগোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা কৰাৰ সন্দেহ ।

বৰ্তমানো পানবজাৰ থানাত জেৰা চলাই থকা হৈছে আকাশ চৌধুৰীৰ পত্নী পুতু দাসক।

কিন্তু বৰ্তমানো ৰহস্যৰ আৱৰ্তত সোমাই আছে সমগ্ৰ বিষয়।

কোন আছিল চি চি টিভিত দেখা পোৱা মুখত ক’লা কাপোৰ বন্ধা দুই ঘাতক?

নিশা প্ৰায় ২ বজাত বৰুৱা দম্পতী থকা গৃহত হাতত লাঠী লৈ পাইছাৰী কৰি থকা দেখা গৈছিল দুজন লোকক।

লোক দুজনে বৰুৱাৰ বাসগৃহত প্রবেশ কৰাৰো চেষ্টা কৰিছিল।

কিন্তু গ্ৰেপ্তাৰ কৰা বাদেই বৰ্তমানো সেই লোক দুজনৰ সন্ধান উলিয়াব পৰা নাই লোক দুজনৰ।

সেই লোক দুজনৰ সন্ধান উলিয়াই আৰক্ষীয়ে জেৰা চলালেহে পোহৰলৈ আহিব হত্যাৰ প্ৰকৃত ৰহস্য।