NORTHEAST NOW (Assamese)
দেশ

ক্ৰমাৎ শক্তিশালী হৈছে তৃণমূল কংগ্ৰেছ! এইবাৰ তৃণমূললৈ টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 29, 2021 2:53 pm
Leander Paes joins TMC

বঙ্গ বিজয়ৰ পাছত ক্ৰমাৎ ৰাষ্ট্ৰীয় ৰাজনীতিত আকৰ্ষণৰ থল হৈ পৰিছে তৃণমূল কংগ্ৰেছ। তৃণমূলৰ প্ৰতি আকৃষ্ট হৈ দললৈ আগমন ঘটিছে বহু তাৰকাৰ।

এইবাৰ তৃণমূল নেতৃ মমতা বেনাৰ্জীৰ গোৱা ভ্ৰমণত টেনিছ তাৰকা লিয়েণ্ডাৰ পেজে তৃণমূলত যোগদান কৰিছে।

লিয়েণ্ডাৰক দললৈ স্বাগতম জনাই তৃণমূলৰ সৰ্বোচ্চ নেতৃগৰাকীয়ে কয়, “লিয়েণ্ডাৰ পেজে তৃণমূলত যোগদান কৰাত আনন্দিত হৈছো। লিয়েণ্ডাৰ মোৰ সৰু ভাতৃৰ দৰে। মই তেওঁক সেই যুৱ কল্যাণ মন্ত্ৰী হোৱাৰ পৰাই চিনি পাওঁ। মই খুব সুখী।”

যোগদান সভাত লিয়েণ্ডাৰ পেজেও মমতা বেনাৰ্জীক ‘দিদি’ বুলি সম্বোধন কৰে। “দিদীয়ে ক্ৰীড়া মন্ত্ৰী হৈ থকাৰ পৰা মোক যথেষ্ট সহায় কৰিছে। সেই সময়ত তেওঁ ক্ৰীড়াৰ উন্নতিৰ বাবে কেইবাটাও পদক্ষেপ লৈছিল। দিদীয়ে মোক ৰাজনীতিৰ জৰিয়তে ৰাজহুৱা সেৱা কৰাৰ সুযোগ দিছে, সেয়েহে তেওঁক ধন্যবাদ। মই পৰিৱৰ্তন কৰিবলৈ তৃণমূল পৰ্যায়লৈ আহিছো। এগৰাকী শক্তিশালী মহিলাৰ নেতৃত্বত কাম কৰিবলৈ আহিছো। দিদী এগৰাকী প্ৰকৃত চেম্পিয়ন।”

বংগ জয় কৰাৰ পিছত এই মুহূৰ্তত তৃণমূল কংগ্ৰেছৰ লক্ষ্য গোৱা। বংগৰ দৰে গোৱাও এখন ক্ৰীড়াপ্ৰেমী ৰাজ্য। সম্ভৱতঃ সেইকাৰণে ৰাজ্যখনৰ তৃণমূল দলে গোৱাৰ ৰাজনীতিবিদসকলৰ লগতে ক্ৰীড়া তাৰকাসকলক লক্ষ্য কৰি লৈছে। ইতিমধ্যে কেইবাজনো ফুটবলাৰে তৃণমূলত যোগদান কৰিছে। গোৱাৰ সাংস্কৃতিক ক্ষেত্ৰৰ বহু তাৰকাই ইতিমধ্যে তৃণমূলত যোগদান কৰিছে।

তেনে সময়তে দুজন তাৰকাৰ তৃণমূল শিবিৰত যোগদানে গোৱাৰ ৰাজনৈতিক পৰিস্থিতি সলনি কৰিব পাৰে।

বৃহস্পতিবাৰে প্ৰাক্তন সাঁতোৰবিদ তথা অভিনেত্ৰী নাফিছা আলীয়ে তৃণমূলত যোগদান কৰিছিল। নাফিছাই ঘটনাক্ৰমে ২০০৪ চনত কংগ্ৰেছৰ প্ৰাৰ্থী মমতাৰ বিৰুদ্ধে যুঁজ দিছিল।

এতিয়া টেনিছ তাৰকা লিয়াণ্ডাৰ পেজৰ যোগদানে গোৱা তৃণমূলৰ ভেঁটি সুদৃঢ় কৰিব। পেজ ভাৰতীয় ক্ৰীড়াৰ শীৰ্ষস্থানীয় খেলুৱৈ। পেজে তেওঁৰ দীঘলীয়া টেনিছ কেৰিয়াৰত একাধিক গ্ৰেণ্ড শ্লেম জিকাৰ লগতে দেশৰ বাবে অলিম্পিক পদকো লাভ কৰিছে।

স্বাভাৱিকতে, পেজৰ আগমনৰ ফলত গোৱাৰ ৰাজনীতিত তৃণমূল কংগ্ৰেছৰ প্ৰতি যুৱ প্ৰজন্ম আকৰ্ষিত হ’ব। গোৱাৰ ৰাজনীতিত ক্ৰমে ‘তাৰকাৰ দল’লৈ ৰূপান্তৰ হৈছে তৃণমূল কংগ্ৰেছ।