NORTHEAST NOW (Assamese)
অসম

লখিমপুৰত বিজেপি, চি পি আই আৰু চি পি আই (এম)ৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল

Posted by: ফাৰহানা আহমেদ March 25, 2019 4:36 pm

অহা ১১ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া ১ম পৰ্য্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে আজি ১৪ নং লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি, চি পি আই আৰু চি পি আই (এম) দলৰ প্ৰাৰ্থী কেইগৰাকীয়ে নিজৰ নিজৰ মনোনয়ন পত্ৰ দাখিল কৰে।

এই উদ্দেশ্যে আজি লখিমপুৰৰ উপায়ুক্তৰ কাৰ্য্যালয়ত গৈ জিলাখনৰ উপায়ুক্ত তথা ৰিটাৰ্নিং বিষয়া ড০ জীৱন বিৰ হাতত লখিমপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই নিজৰ মনোনয়ন পত্ৰ জমা দিয়ে।

উল্লেখযোগ্য যে মনোনয়ন পত্ৰ দাখিলৰ সময়ত তেওঁক ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানি, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, গ্ৰামোন্নয়ণ মন্ত্ৰী নৱ কুমাৰ দলেকে ধৰি কেইবা গৰাকী নেতাই সংগ দিয়ে।

বিজেপিৰ প্ৰাৰ্থী গৰাকীৰ উপৰি লোকসভা সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লগীয়া চি পি আইৰ প্ৰাৰ্থী অৰুপ কলিতা আৰু চি পি আই (এম)ৰ প্ৰাৰ্থী অমিয় সন্দিকৈয়ে আজি তেওঁলোকৰ মনোনয়ন পত্ৰ দাখিল কৰে।

আনহাতে লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অনিল বুঢ়াগোহাঁইয়ে যোৱা ২০ মাৰ্চত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিছিল।