NORTHEAST NOW (Assamese)
অসম

কাপোৰ সলোৱাদি আদৰ্শ সলাই ‘বিজেপিৰ টুপী’ পিন্ধিলে CAB বিৰোধী আটাছু নেতা অশ্বিনী চেতিয়াই

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক March 25, 2019 8:34 pm
Ashini Chetia joining BJP

সিদিনালৈ বিজেপিৰ হিন্দু বাংলাদেশী সংস্থাপনৰ নীতিৰ বিৰুদ্ধে তেওঁ ৰাজপথ কঁপাইছিল। জনজাতিকৰণত হোঁহকা-পিছলা কৰা বাবেও বিজেপিৰ বিৰুদ্ধে আন্দোলন, অসম বন্ধ, সোণোৱাল-মোদীৰ পুত্তলিকা দাহ, ধৰ্ণা-প্ৰতিবাদৰ নেতৃত্ব দি জাতীয় সংগঠনৰ নেতাৰ ৰূপত এদিন আগলৈকে চিনাকি দি আছিল তেওঁ।

কিন্তু সন্মুখত এটা সুযোগ উপস্থিত হোৱাৰ লগে লগে আচল ৰং ওলাই পৰিল এইজন তথাকথিত নেতাৰ। কাপোৰ সলোৱা দি আদৰ্শ সলাব পৰা এই নেতাজন হ’ল আটাছুৰ সদ্য পদত্যাগী উপদেষ্টা অশ্বিনী চেতিয়া।

লোকসভা নিৰ্বাচনে অনা ৰাজনৈতিক বতাহত গা এৰি দি চেতিয়াই আজি বিজেপিৰ ‘টুপী’ পিন্ধি ‘চকীদাৰ’সকলৰ শাৰীত থিয় দিয়ে।

সদৌ টাই আহোম ছাত্ৰ সন্থাৰ উপদেষ্টা চেতিয়াই সোমবাৰে হেঙেৰাবাৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত যোগ দিয়ে গেৰুৱা দলটোত।

বিজেপিত যোগ দিয়াৰ আগদিনালৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী সংগঠনৰ নেতৃত্ব দিয়া চেতিয়াই বিজেপিত যোগদান কৰি কয়, “মানুহৰ জীৱনটোৱে এক সংগ্ৰাম। এটা সংগ্ৰামৰ ধাৰাৰ পৰা আজি মই আন এটা সংগ্ৰামৰ ধাৰাত যোগ দিছো। এই ধাৰাটোও এটা সংগ্ৰাম। বিজেপি নেতৃত্বাধীন খিলঞ্জীয়াৰ চৰকাৰখনে অসমৰ জাতিসত্তা ৰক্ষাৰ বাবে সংগ্ৰাম কৰি আছে”।

ৰাজ্যিক বিজেপিৰ কাৰ্য্যালয়ত দলটোত যোগদানৰ মুহূৰ্তত আটাছুৰ সদ্য পদত্যাগী উপদেষ্টা অশ্বিনী চেতিয়া{ ফটো : য়ু বি।

“নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলন তেওঁৰ এক ভুল আছিল নেকি” বুলি সাংবাদিকে সোধা প্ৰশ্নত সৌ সিদিনালৈ বিজেপিৰ বিৰুদ্ধে আন্দোলন কৰি থকা চেতিয়াই ক’লে, “মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অসমৰ দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিখন চৰকাৰ চলি আছে মোৰ অনুভৱ যে এই চৰকাৰে কোনো কাৰণতেই অসমৰ খিলঞ্জীয়া জাতিসত্তাৰ হিতৰ বিপৰীতে গৈ কাম নকৰে”।

চেতিয়াৰ এই মন্তব্যৰ পাছত স্বাভাৱিকতেই প্ৰশ্ন উত্থাপন হয়, “বিজেপি চৰকাৰক লৈ তেওঁৰ এনে অনুভৱ কেতিয়াৰ পৰা হ’ল?”

তাতো তেওঁৰ চালে-বেৰে কোবোৱা উত্তৰ, আকৌ ক’লে সংগ্ৰামৰ ধাৰাটো হেনো বেলেগ, তেওঁ হেনো বিজেপিৰ সৈতে হাতে হাত ধৰি অসমীয়া মানুহৰ বাবেহে কাম কৰিব বিচাৰে।

ইয়াৰ পাছত ‘জাতিধ্বংসী’ বিধেয়কক লৈ তেওঁৰ এতিয়া স্থিতি কি হ’ব বুলি সাংবাদিকৰ প্ৰশ্ন। কিন্তু এইবাৰ তেওঁৰ পৰা মাইক্ৰফোন নি উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসে, “দলৰ স্থিতিয়েই তেওঁৰ স্থিতি”।

হিমন্ত বিশ্ব শৰ্মাৰ মতে সাংবাদিকে এই প্ৰশ্ন সোধাৰ হেনো অৰ্থই নাই।

উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰ সমষ্টিত কংগ্ৰেছৰ পৰা টিকট বিচাৰি বিমুখ হৈছিল অশ্বিনী চেতিয়া। পিছত অসম সংগ্ৰামী মঞ্চৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি তেওঁ মাত্ৰ ১০ হাজাৰ ভোট লাভেৰে ৰৈছিল তৃতীয়ত। চেতিয়াই কালি আটাছুৰ পৰা উপদেষ্টা হিচাপে পদত্যাগ কৰিয়ে আজি বিজেপিত যোগদান কৰাটোৱে সংগঠনটোৰ ভিতৰে-বাহিৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ছ’চিয়েল মিডিয়াত আহোম জনগোষ্ঠীৰ বহুতো লোক আৰু দল-সংগঠনে গৰিহণা দিছে অশ্বিনী চেতিয়াৰ এই গেৰুৱা টুপী পিন্ধা কাৰ্য্যক।