NORTHEAST NOW (Assamese)
অসম

সুৰামুক্ত অসমৰ দাবীত ২৭ মাৰ্চত গোলাঘাটত মদমুক্ত অসমৰ প্ৰতিবাদী কাৰ্যসূচী

Posted by: ঋতুপল্লৱ‌ শইকীয়া March 26, 2019 7:23 am
Protest against illegal liquor

যোৱা ফেব্ৰুৱাৰী মাহত গোলাঘাট আৰু যোৰহাটত জিলাৰ বিভিন্ন অঞ্চলত বিষাক্ত চুলাই সেৱন কৰি ডেৰ শতাধিকৰো অধিক লোকৰ মৃত্যু হোৱাৰ পিছতো ৰাজ্য চৰকাৰখনে অসমক সুৰামুক্ত কৰাৰ বাবে বিশেষ গুৰুত্ব  আৰোপ নকৰাৰ প্ৰতিবাদত মদমুক্ত অসম দাবী সমিতিয়ে কেতবোৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ অংশ হিচাপে প্ৰথমে অহা ২৭ মার্চ তাৰিখে সুৰামুক্ত অসমৰ দাবীত মদমুক্ত অসম দাবী সমিতিয়ে বিভিন্ন দল-সংগঠনৰ সহযোগত গোলাঘাট নগৰত এক প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব।

উক্ত কাৰ্যসূচীত প্ৰতিজন সমাজ সচেতন ব্যক্তিক অংশ গ্ৰহণ কৰি সুৰামুক্ত অসমৰ দাবী প্ৰবল কৰি তুলিবলৈ সংগঠনটোৰ তৰফৰ পৰা আহ্বান জনোৱা হয়।

উল্লেখ্য যে বিষাক্ত মিথানলৰ উপস্থিতি থকা চুলাই সেৱন কৰাৰ ফলতে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন বাগিচাৰ লোকসকলে কৰুণ মৃত্যুক আকোৱালি ল’ব লগীয়া হৈছিল।