NORTHEAST NOW (Assamese)
অসম

বিজয়াৰ কন্যাক লগত লৈ হাজোত বিজয় আখৰা কুইন ওজাৰ

Posted by: এন ই নাও নিউজ March 27, 2019 4:01 pm
Queen Ojha at Hajo

গুৱাহাটী লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচপে ঘোষণা কৰাৰ পাছৰে পৰা নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে কুইন ওজাই। গুৱাহাটী লোকসভা সমষ্টিৰ বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কন্যা তথা হাজো সমষ্টিৰ বিজেপিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াক লগত লৈ পঞ্চতীৰ্থ নগৰীখনত প্ৰচাৰ অভিযান চলাই কুইন ওজাই।

বিজেপিৰ প্ৰাৰ্থীগৰাকী হাজোত উপস্থিত হোৱাৰ লগে লগেই হাজো মণ্ডল বিজেপিৰ কৰ্মীসকলে বাইক ৰেলীৰে আদৰণি জনাই প্ৰাৰ্থীগৰাকীক। আনহাতে, হাজোৰ অগপ কৰ্মীসকলেও বিপুল আদৰণি জনাই কুইন ওজাক। দলীয় কৰ্মী আৰু স্থানীয় জনসাধাৰণক সম্বোধন কৰি ওজাই হাজো সমষ্টিৰ ৰাইজে বিজেপি দলৰ প্ৰতি দেখুৱাই অহা বিশ্বাসৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু আগন্তুক নিৰ্বাচনত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৱে বিজেপি দলক জয়যুক্ত কৰাৰ বাবে ভোটদান কৰিব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে, গুৱাহাটী লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ বিজয়া চক্ৰৱৰ্তীৰ পৰিবৰ্তে দলে এইবাৰ কুইন ওজাক দলীয় টিকত প্ৰদান কৰিছে। টিকত বঞ্চিত হোৱাৰ পাছতো বিজয়া চক্ৰৱৰ্তীয়ে বৰঝাৰত কুইন ওজাৰ নিৰ্বাচনী প্ৰচাৰত ভাগ লোৱা দেখা গ’ল আৰু আজি বিজয়াৰ কন্যা সুমন হৰিপ্ৰিয়াই ওজাৰ হৈ প্ৰচাৰ চলাই দলৰ সাংগঠনিক দক্ষতাৰ প্ৰমান দিলে।

আনহাতে, সমষ্টিটোত প্ৰধান বিৰোধী দল কংগ্ৰেছে এতিয়ালৈ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই। ১৮ এপ্ৰিলত গুৱাহাটীত নিৰ্বাচন অনুষ্ঠিত হ’ব।