NORTHEAST NOW (Assamese)
অসম

নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ৰেলিং ভাঙি নদীত পৰিল তীৰ্থযাত্ৰীৰ বাছ; কমেও ৩ জন নিহত, আহত ২৪

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 6, 2023 10:41 am

মাজনিশা ভয়াবহ পথ দুৰ্ঘটনাৰ সন্মুখীন তীৰ্থযাত্ৰীৰ বাছ। শনিবাৰে বৰাকৰ নদীত বাগৰি পৰে এখন বাছ। এই দুৰ্ঘটনাত কমেও তিনিজন লোকৰ মৃত্যু হয়। বহু যাত্ৰী পানীত উটি যোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে উদ্ধাৰ অভিযান আৰম্ভ হৈছে। উদ্ধাৰ হোৱা অধিকাংশ যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, শনিবাৰে ঝাৰখণ্ডৰ ৰাঁচীৰ পৰা গিৰিডিলৈ গৈ আছিল বাছখন। মাজনিশা ডুমৰি গাঁও পাৰ হৈ যোৱা বাছখনে হঠাতে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। বাছখনে দলং ভাঙি বৰাকৰ নদীৰ প্ৰায় ৫০ ফুট তলত বাগৰি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে উদ্ধাৰ কাম আৰম্ভ কৰে। কিছু মুহূৰ্তৰ ভিতৰতে সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু উদ্ধাৰকাৰী দল।

স্থানীয় সূত্ৰৰ মতে, এই পৰ্যন্ত তিনিজন যাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। বাছখনৰ বহু যাত্ৰী পানীত ডুব গৈছে বুলি ধাৰণা কৰা হৈছে। কমেও ২৪ জন লোক আহত হৈছে। কেইবাজনো যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাছখনত কিমানজন যাত্ৰী আছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাৰ খবৰ পাই গিৰিডিৰ বিধায়ক সুধীয়া কুমাৰ আৰু উপায়ুক্ত নমন প্ৰিয়াছ লাক্ৰা ঘটনাস্থলীত উপস্থিত হয়।  আহতসকলক উদ্ধাৰ আৰু চিকিৎসাৰ সকলো ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে নিৰ্দেশ দিছে।

তেওঁ টুইট কৰি কয়, ‘এটা অতি দুখজনক দুৰ্ঘটনাৰ খবৰ পাইছো। ৰাঁচীৰ পৰা গিৰিডি অভিমুখী এখন বাছ বৰাকৰ নদীত এক ভয়াবহ দুৰ্ঘটনাত পতিত হৈছে। প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।”