NORTHEAST NOW (Assamese)
অসম

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত; জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৪২জনলৈ বৃদ্ধি

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 22, 2021 7:48 am
images.jpeg-11(2)

কৰ’নাত আক্ৰান্ত শিৱসাগৰ জিলা উপায়ুক্ত। মংগলবাৰে নিশা শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণুকমল বৰা আৰু তেওঁৰ মাতৃৰ দেহত কোভিড পজিটিভ ধৰা পৰে। বৰ্তমান দুয়োকে হোম আইছ’লেশ্যনত ৰখা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে কোভিডৰ কোনো লক্ষণ দেখা পোৱা নাছিল উপায়ুক্ত গৰাকীৰ দেহত। এগৰাকী আত্মীয়ৰ দেহত কোভিড পজিটিভ পোৱাৰ পিছতেই কেইবাদিন ধৰি তেওঁ ঘৰতে আৱদ্ধ হৈ আছিল।

শিৱসাগৰ জিলা উপায়ুক্তই ক’ৰনা ভেকচিনৰ দুটা ড’জ লোৱা বুলিও জানিব পৰা গৈছে। ভেকচিন লোৱাৰ পিছতো উপায়ুক্ত গৰাকী কোভিডত আক্ৰান্ত হোৱাত আতংকিত হৈ পৰিছে শিৱসাগৰবাসী।

অৱশ্যে বৰ্তমান শিৱসাগৰ জিলা উপায়ুক্ত আৰু তেওঁৰ মাতৃ সুস্থ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে শিৱসাগৰত দৈনিক বৃদ্ধি পাই আছে কোভিড পজিটিভৰ সংখ্যা।

জিলাখনত বুধবাৰে প্ৰায় ২৭ গৰাকীৰ দেহত ধৰা পৰে কো’ভিড পজিটিভ। বৰ্তমানলৈকে প্ৰায় ১৪২ গৰাকী ব্যক্তি কোভিড পজিটিভত বুলি চিনাক্ত কৰা হৈছে।