NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ ভেকচিন লোৱাৰ পাছত সংক্ৰমণৰ হাৰ কিমান? কেন্দ্ৰই প্ৰকাশ কৰিলে তথ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 22, 2021 8:36 am
a-vac-640x375

কৰ’না ভাইৰাছৰ ভেকচিন লোৱাৰ পাছত দেশৰ বিভিন্ন অংশৰ পৰা আক্ৰান্ত হোৱাৰ খৱৰ পোৱা গৈছে। ইয়াৰ ফলত স্বাভাৱিকতেই বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে।

বুধবাৰে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য অনুসৰি কৰ’নাৰ ভেকচিন লোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্য অতি সামান্য।

ভেকচিন লোৱাৰ পাছতো বহুতেই কৰ’নাত আক্ৰান্ত হৈছে নেকি তাক লৈ বহুতৰে মনত শংকাৰ সৃষ্টি হৈছিল।

বুধবাৰে কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বৰ্তমানলৈ দেশত ৯,৩৫৬,৪৩৬জনক কোভাক্সিনৰ ড’জ দিয়া হৈছে। ইয়াৰ পাছত কৰ’নাত আক্ৰান্ত হৈছে ৪,২০৮জন। অৰ্থাৎ এই হাৰ ০.০৪শতাংশ।

সেইদৰে, দেশত ১,৭৩৭,১৭৮জন লোকে দ্বিতীয় ড’জ লাভ কৰিছে। তাৰ পাছত ৬৯৫জন কৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমানলৈকে কোভিশ্বিল্ডৰ মুঠ ১১.৬কোটি ড’জ দিয়া হৈছে। ইয়াৰ প্ৰথম ড’জ লাভ কৰিছে ১০০,৩০২,৭৪৫জনে। ভেকচিন লোৱাৰ পাছত কৰ’নাত আক্ৰান্ত হৈছে ১৭,১৪৫জন। অৰ্থাৎ ০.০২শতাংশ লোক।

সেইদৰে, কোভিশ্বিল্ডৰ দ্বিতীয় ড’জ লাভ কৰিছে ১৫,৭৩২,৭৫৪জন লোকে। তাৰপাছত কৰ’নাত আক্ৰান্ত হৈছে ৫,০১৪জন।

আইচিএমআৰৰ ফালৰ পৰা কোৱা হৈছে যে এইটো অতি সামান্য অংশ। ভেকচিন লোৱাৰ পাছত ১০,০০০জনৰ ভিতৰত দুই-চাৰিজন লোক আক্ৰান্ত হৈছে। ইয়াৰ ভিতৰত অধিকাংশ স্বাস্থ্যকৰ্মী। কিয়নো এওলোকে অধিক কৰ’না আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহে।