NORTHEAST NOW (Assamese)
অসম

ধৰ্ষণৰ গোচৰত ব্ৰাজিলৰ ফুটবলাৰ ৰবিনহোৱে খাটিবই লাগিব ৯বছৰৰ কাৰাবাস

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 21, 2022 8:09 am
Robinho

ধৰ্ষণৰ এক গোচৰত ২০১৭ চনতেই ইটালীৰ এখন আদালতে দোষী সাৱ্যস্ত কৰিছিল ব্ৰাজিলৰ ফুটবলাৰ তথা এ চি মিলান আৰু মেন চিটিৰ প্ৰাক্তন ফুটবলাৰ ৰবিনহোক। এই গোচৰতে তেওঁৰ আন এগৰাকী বন্ধু ৰিকাৰ্ডকো দোষী সাৱ্যস্ত কৰা হয়।

ৰবিনহোনক ৯ বছৰৰ কাৰাদণ্ড বিহা হৈছিল। তাৰ পাছত তেওঁ বাৰে বাৰে এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰি আহিছিল। প্ৰতিবাৰেই আদালতে তেওঁৰ আবেদন নাকচ কৰি আহিছিল।

এতিয়া অন্তিমবাৰৰ বাবে আবেদন নাকচ হোৱাৰ পাছত আৰু আবেদন কৰাৰ সুযোগ নাই ৰবিনহোৰ। সেয়ে ৯বছৰ কাৰাবাস খটাৰ বিকল্প নাই খেলুৱৈগৰাকীৰ।

লগতে পঢ়ক: আইচিচি- ৰ ২০২১ বৰ্ষৰ টেষ্ট দল ঘোষণা: দলত অন্তৰ্ভূক্ত তিনি ভাৰতীয় ক্ৰিকেটাৰ

অৱশ্যে ৰবিনহোৰ বাবে এটা সুবিধা আছে আৰু সেয়া হ’ল তেওঁ বিচাৰিলে এই কাৰাবাস ব্ৰাজিলতো খাটিব পাৰে। এইক্ষেত্ৰত তেওঁলোকে ব্ৰাজিল প্ৰশাসনৰ  সৈতে কথা পাতিব যদিও ব্ৰাজিল চৰকাৰ এই প্ৰস্তাৱত মান্তি হোৱাৰ কোনো নিশ্চয়তা নাই।

আনহাতে, এই গোচৰত আন চাৰিগৰাকী অভিযুক্ত গোচৰ চলি থকা সময়তে ইটালী ত্যাগ কৰি তেওঁলোকৰ দেশ ব্ৰাজিললৈ গুচি যায়। তেওঁলোকৰ বিৰুদ্ধেও পুনৰ গোচৰৰ বিচাৰ আৰম্ভ কৰিব বুলি কোৱা হৈছে।