NORTHEAST NOW (Assamese)
অসম

নায়কগাঁৱত লক্ষ্মী পূজাৰ ব্যাপক প্ৰস্তুতি

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 19, 2021 2:59 pm

নামনি অসমৰ ২৭ নং পূব বিলাসীপাৰা বিধানসভা তথা ১১ নং বাঁওখুঙুৰি পৰিষদীয় সমষ্টিৰ কোকৰাঝাৰ জিলাৰ অন্তৰ্গত নায়কগাওঁ অৰ্দ্ধ সাপ্তাহিক বজাৰত আন আন বছৰৰ দৰে এই বেলিও শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ প্ৰস্তুতি চলোৱা হৈছে বুলি পূজা কমিটিৰ সভাপতি দেৰহাছাৎ বসুমতাৰী (দুৰ্গা)আৰু সম্পাদক ৰাছেন বসুমতাৰীয়ে জনাইছে ।

জানিব পৰা মতে নায়কগাওঁৰ স্বৰ্গীয় গজাধৰ যাদৱৰ পুত্ৰ বিশিষ্ট সমাজকৰ্মী তথা প্ৰাক্তন এম চি এল এ শেখৰ যাদৱে নিজাববীয়া কৈ প্ৰায় আঠ লক্ষাধিক টকা খৰচ কৰি নায়কগাওঁৰ অতি পুৰণি জৰাজীৰ্ণ মন্দিৰটো নতুন কৈ ধুনীয়া ৰূপত নিৰ্মাণ কৰাই দিয়াত এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজ উৎফুল্লিত হৈ যাদৱৰ এই মহানুভৱতাৰ বাবে মনেপ্ৰাণে প্ৰশংসা কৰিছে।

ইপিনে নায়কগাঁৱৰ জ্যেষ্ঠ সমাজহিতৈষী শিক্ষাবিদ গণেশ চন্দ্ৰ ওৱাৰি শেখৰ যাদৱৰ মন্দিৰ নিৰ্মাণৰ পবিত্ৰ কৰ্মৰ প্ৰতি শলাগ লৈ শাৰীৰিক ভাবে অসুস্থতা থকা যাদৱৰ সম্পূৰ্ণ আৰোগ্য কামনা কৰি মা লক্ষ্মীৰ শ্ৰী চৰণত প্ৰাৰ্থনা জনায় ।

এই বেলি তিনিদিনীয়া কাৰ্যসূচীৰে চৰকাৰী নীতি নিয়মৰ মাজেৰে এই পূজা পালন কৰা হব আৰু এই উপলক্ষ্যে কোনো ধৰণৰ মেলা আদি অনুষ্ঠিত কৰা নহব বুলি পৰিচালনা কমিটিৰ সভাপতি দেৰহাছাত বসুমতাৰীয়ে অৱগত কৰিছে।

পোন প্ৰথমবাৰৰ বাবে ১৯৬৮ চনত এই পূজা নায়কগাওঁৰ স্কুল খেল পথাৰত আৰম্ভ কৰা হৈছিল আৰু উক্ত স্থনতে ১৯৭০ চন লৈকে অকল ঘটপূজাৰহে আয়োজন কৰা হৈছিল বুলি বয়োজ্যেষ্ঠ নাগৰিক তথা প্ৰতিষ্ঠাপক সম্পাদক গণেশ চন্দ্ৰ ওৱাৰিয়ে জানিবলৈ দিয়ে। আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল ফণীন্দ্ৰ নাৰয়ান মুছাহাৰী ।

পিছলৈ এই খেল পথাৰৰ পৰা ১৯৭১ চনত ৰাইজৰ সিদ্ধান্ত মৰ্মে নায়কগাঁও বজাৰত এটি টিনৰ চালিৰে মন্দিৰ নিৰ্মাণ কৰি বৰ্তমান লৈকে লক্ষ্মী পূজা প্ৰতি বছৰে এই অঞ্চলৰ ৰাইজে মিলাপ্ৰিতি মাজেৰে পালন কৰি আহিছে ।

আজি এই নতুন মন্দিৰ গৃহটোৰ পূজা নিয়াৰি কৈ যথা বিধিৰে সম্পন্ন কৰা হয়। উল্লেখযোগ্য যে ১৯৭১ চনত পূজা কমিটিৰ সভাপতি ডাঃ অমলেন্দু কৰ আৰু সম্পাদক ফণীন্দ্ৰ নাৰায়ণ মুছাহাৰিক ৰাইজে প্ৰস্তাৱ আকাৰে বনাইছিল ।

পূৰ্বে এই লক্ষ্মী পূজাৰ সময়ত অসমীয়া যাত্ৰা গান , খাৰা তাল আদি আয়োজন কৰা হৈছিল আৰু উপভোগ কৰিবলৈ ইয়াৰে বহলপুৰ , চৈবাৰী , বাঙালডোবা , মাউৰিয়াগাওঁ , কেটেঙাঝোৰা ( বাক্সা মাৰা ) আমগুৰি , শ্ৰী পুৰ , কাক্ৰিঘোলা , পুণ্ডিবাৰি , নয়কগাখাওঁ ১ ম , ২ য় খণ্ডকে ধৰি বিভিন্ন অঞ্চলৰ লোক আহি সমাগম হৈছিল ।