NORTHEAST NOW (Assamese)
অসম

জাগুনত ভয়ংকৰ অগ্নিকাণ্ডত বিধ্বস্ত পাঁচটাকৈ বাসগৃহ; শ্বৰ্ট শ্বাৰ্কিটৰ ফলতে অগ্নিকাণ্ড হোৱাৰ সন্দেহ

Posted by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্রতীম গগৈ, মাৰ্ঘেৰিটা October 19, 2021 2:42 pm
Fire at jagun final

মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত জাগুনত এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হৈছে। অগ্নিকাণ্ডত বিধ্বস্ত হয় পাঁচটাকৈ পৰিয়াল বাসগৃহ।

জাগুনৰ পদম শৰ্মা নামৰ ব্যক্তিজনৰ ভাড়া ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

মুহূৰ্ততে চাৰিটাকৈ ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ বিস্ফোৰণত সমগ্ৰ সা-সম্পত্তি হেৰুৱাব লগীয়া হয় পাঁচোটাকৈ ভাড়াতীয়া দুৰ্ভগীয়া পৰিয়ালে।

স্থানীয় ৰাইজৰ আপ্ৰাণ চেষ্টাত জুই নুমোৱাবলৈ সক্ষম হয় যদিও সম্পত্তিৰ নামত একোৱেই সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম নহয় পৰিয়াল কেইটাই।

এই অগ্নিকাণ্ড বৈদ্যুতিক শ্বৰ্ট শ্বাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

ভাড়া ঘৰটোত থকা পাঁচটা পৰিয়ালৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। প্ৰায় ৩০ লক্ষ্যধিক টকাৰ সা-সম্পত্তি  সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

ঘটনাস্থলীত পলমকৈ উপস্থিত অগ্নিনিৰ্বাপক বাহিনী যাৰ বাবে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।