NORTHEAST NOW (Assamese)
অসম

মহিলাক দলবদ্ধ ধৰ্ষণৰ পিছত অগ্নি সংযোগ কৰি হত্যা : ৬ জনক আটক

Posted by: এন ই নাও নিউজ March 28, 2019 7:09 pm

গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১৫ কি মি. দূৰত্বত অৱস্থিত চন্দ্ৰপুৰত এগৰাকী মহিলাক ৬ জনীয়া এটা দুৰ্বৃত্তৰ দলে বলাৎকাৰ কৰি হত্যা কৰে। দুৰ্বৃত্তকেইটাই মহিলা গৰাকীৰ দেহত নৃশংসভাৱে অগ্নি সংযোগ কৰি হত্যা কৰে।

ইতিমধ্যে প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে এই ঘটনাত জড়িত ৬ জনীয়া দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হৈছে। আটকাধীন দুৰ্বৃত্ত তথা লম্পট কেইটাক ক্ৰমে মহম্মদ আব্দুল হুছেইন, অনিল দাস, আনন্দ দাস, ৰাজু কৰ্মকাৰ, নাডু বিশ্বাস আৰু মৃগেন ডেকা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

আটকাধীন দুৰ্বৃত্তকেইটাই এটা ইটাভাটাত শ্ৰমিক হিচাপে কাম কৰি আছিল বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে। ইফালে স্থানীয় ৰাইজে এই ঘটনাত জড়িত লম্পটকেইটাক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে।