NORTHEAST NOW (Assamese)
অসম

অতি কম দিনৰ ভিতৰত বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব

Posted by: শশাংক তালুকদাৰ March 31, 2019 5:58 pm
Bajali College

উচ্চ শিক্ষাৰ সপোন পুহি ৰখা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক সুখবৰ। নামনি অসমৰ বৰপেটা জিলাৰ পাঠশালা নগৰীৰ মাজ মজিয়াত অৱস্থিত ঐতিহাসিক বজালী মহাবিদ্যালয়ক অতি শীঘ্ৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হ’ব।

ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভত বিভাগীয় কাম-কাজ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। নতুনকৈ উন্নীত হ’ব লগীয়া বিশ্ববিদ্যালয়খনৰ অধীনত মুঠ ২৬খন (ইয়াৰে বৰপেটা জিলাৰ ১৭খন আৰু নলবাৰী জিলাৰ ৯খন) মহাবিদ্যালয় অন্তৰ্ভুক্ত হ’ব।

জানিব পৰা মতে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিজ্ঞাপন জাৰি কৰাৰ লগতে বিশ্ববিদ্যালয়খনৰ গৃহ নিৰ্মাণ তথা অন্যান্য কাম-কাজৰ বাবে ২.৬০ কোটি টকা আৱণ্টন দিয়া হৈছে।

ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ গৃহ নিৰ্মাণ তথা অন্যান্য কাম-কাজসমূহ ক্ষীপ্ৰতাৰে কৰি থকা হৈছে আৰু কামসমূহ শীঘ্ৰে সম্পন্ন হ’ব বুলি বিভাগীয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে গুৱাহাটীক বাদ দি নামনি অসমত উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিশেষ শিক্ষা প্ৰতিষ্ঠান নথকাৰ হেতুকেই অসম চৰকাৰৰ শিক্ষা বিভাগে পাঠশালাস্থিত বজালী মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ সিদ্ধান্ত লৈছিল।