NORTHEAST NOW (Assamese)
অসম

ৰহাত প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় অভিৱৰ্তনৰ মণ্ডপ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 31, 2019 9:14 pm

ৰহাত অনুষ্ঠিত হৈ থকা অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক অভিৱৰ্তনৰ আজি শেষৰ দিনা মুকলি সভা চলি থকাৰ সময়তে অহা প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে অভিৱৰ্তনৰ মণ্ডপ। যোৱা ২৮ মাৰ্চৰ পৰা সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত এই অভিৱৰ্তন অনুষ্ঠিত হৈছিল।

ঘটনা বিবৰণ অনুসৰি বিয়লি ২:১৫ বজাত মঞ্চত স্মৃতিগ্ৰন্থ উন্মোচন কৰি অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক পদুম ৰাজখোৱাই ভাষণ দি থকা অৱস্থাতে আহে প্ৰচণ্ড ধুমুহা। ধুমুহা অহাৰ লগে লগে সভাত উপস্থিত সকলোৰে মাজত হুৱা-দুৱা লাগে।

প্ৰচণ্ড বতাহে সমগ্ৰ মণ্ডপটো উৰুৱাই লৈ যোৱাৰ লগতে মঞ্চখনো খহি পৰে। ইয়াৰ উপৰি চকী আৰু চাউণ্ড চেটো চেদেলি ভেদেলি হৈ পৰে।

অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে নৰ্থ-ইষ্ট নাওক জনোৱা অনুসৰি মুকলি সভাত  সাহিত্য সভাৰ সাধাৰণ সম্পাদকৰ লগতে সংগীত শিল্পী সূৰ্য্য দাস আৰু তিৱা জনজাতীয় ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰহ্লাদ মছং উপস্থিত আছিল।

ইপিনে, ধুমুহাৰ সময়ত মানুহৰ মাজত সৃষ্টি হোৱা হুৱা-দুৱাৰ ফলত চাৰিজন লোক কম-বেছি পৰিমাণে আহত হয়। আহত কেইজনক ততাতয়াকৈ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আহত লোক কেইজনৰ পৰিচয় লাভ কৰিব পৰা হোৱা নাই।