NORTHEAST NOW (Assamese)
অসম

বৰাকবাসী ভোটাৰৰ মন জয় কৰিবলৈ আহি আছে মোদী-ৰাহুল

Posted by: এন ই নাও নিউজ April 1, 2019 8:32 am
Gadkari's family holiday: Opposition raps Modi government

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী প্ৰচাৰৰ বাবে পুনৰ ৬ এপ্ৰিলত অসমলৈ আহিব। উক্ত দিনত প্ৰধান মন্ত্ৰী গৰাকীয়ে এখন নিৰ্বাচনী প্ৰচাৰত অংশ গ্ৰহণ কৰিব।

উল্লেখযোগ্য যে প্রধান মন্ত্ৰীৰ বৰাক ভ্ৰমণৰ দুদিন পূৰ্বে অৰ্থাৎ ৪ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ বাবে বৰাকলৈ আহিব কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী। লক্ষণীয় যে লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বৰাক উপত্যকাত কংগ্ৰেছ-বিজেপিৰ নিৰ্বাচনী যুঁজ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে।

বৰাকৰ দুখন লোকসভা আসন ক্ৰমে শিলচৰ, কৰিমগঞ্জ বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই নিজৰ নিজৰ হাতলৈ নিবলৈ  প্ৰচেষ্টা অব্যাহত ৰাখিছে।

ইফালে বৰ্তমান কংগ্ৰেছৰ দখলত থকা শিলচৰ সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী ৰাজদীপ ৰয়ে নিজৰ দখললৈ নিবলৈ আপ্ৰাণ চেষ্টা চলাইছে বুলি জানিব পৰা গৈছে। বিপৰীতে কংগ্ৰেছৰ শিলচৰৰ সাংসদ সুস্মিতা দেৱকে ধৰি কংগ্ৰেছৰ নেতাসকলেও নিজৰ দুৰ্গ অক্ষুণ্ণ ৰখাৰ বাবে চেষ্টা চলাইছে।