NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত পুনৰ খড়গবিহীন গঁড়ৰ মৃতদেহ উদ্ধাৰ

Posted by: উত্তম শইকীয়া April 1, 2019 1:09 pm

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ দুসুঁতি বনশিবিৰ এলেকাত পুনৰ এটা খড়গবিহীন তথা উৱলি যোৱা গঁড়ৰ মৃতদেহ উদ্ধাৰ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ এইটো দ্বিতীয়টো গঁড় হত্যাৰ ঘটনা।

দেওবাৰে উদ্যানখনৰ বনকৰ্মীয়ে খড়গবিহীন গঁড়টোৰ মৃতদেহটো প্ৰত্যক্ষ কৰে। উদ্যানখনৰ বন বিভাগৰ লোকে প্ৰায় এমাহৰ পূৰ্বেই চোৰাংচিকাৰীয়ে গঁড়টো গুলীয়াই হত্যা কৰি খড়গ কাটি নিয়া বুলি নিশ্চিত কৰিছে।

গঁড়টোৰ মৃতদেহৰ কাষৰ পৰা বনকৰ্মীয়ে চোৰাংচিকাৰীয়ে ব্যৱহাৰ কৰা ৫ জাঁই ৩.৩ ৰাইফলৰ খালী গুলী উদ্ধাৰ কৰিছে। ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে প্ৰায় এমাহ পূৰ্বেই চোৰাংচিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি গুলীয়াই গঁড় হত্যা কৰি খড়গ কাটি নিয়াৰ পিছতো বনকৰ্মীয়ে ঘটনা সন্দৰ্ভত একো গমকে নাপালে।